ছয়গাঁও, ৪ ডিচেম্বৰঃ ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ এগৰাকী শিক্ষা বিষয়াই স্বাক্ষৰ কৰাৰ বিনিময়ত ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছে ৷ শিক্ষাৰ দৰে পৱিত্ৰ বৃত্তিত কালিমা সনা এইগৰাকী বিষয়াৰ নাম নিত্যপ্ৰসাদ মহন্ত ৷ ঘোঁচখোৰ বিষয়াগৰাকী ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডত সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি আছে ৷ বুধবাৰে নিজ কাৰ্যালয়তে ঘোঁচ লোৱা অৱস্থাত ধৰা পৰে এইগৰাকী বিষয়া ৷ আনহাতে ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়টো বৰ্তমান একপ্ৰকাৰ বজাৰত পৰিণত হৈছে ৷ বিষয়াগৰাকীয়ে প্ৰতিটো স্বাক্ষৰৰ বাবদ ঘোঁচ লোৱাতো এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ শিক্ষা বিষয়াগৰাকীৰ এই কাণ্ডই চকু কপালত তুলিছে সচেতন মহলৰ ৷ উল্লেখ্য যে, প্ৰভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত বুলি দম্ভালি মৰা বিষয়াগৰাকীয়ে দীৰ্ঘদিন ধৰি চলাই আহিছে এই ব্যৱসায় ৷
ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ ঘোঁচখোৰ বিষয়াৰ কাহিনী ফাদিল - C I T U
ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ এগৰাকী শিক্ষা বিষয়াই স্বাক্ষৰৰ বিনিময়ত ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছে ৷ অভিযুক্ত এইগৰাকী বিষয়াৰ নাম নিত্যপ্ৰসাদ মহন্ত ৷ ঘোঁচখোৰ বিষয়াগৰাকী ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডত সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি আছে ৷
ইপিনে প্ৰাপ্ত অভিযোগ মতে, শিক্ষকৰ দৰমহা আদায়, সংখ্যালঘু শিক্ষাৰ্থীৰ বৃত্তি প্ৰদান আদিকে ধৰি সকলো বিষয়তে ধনৰ বিনিময়তহে স্বাক্ষৰ কৰে অভিযুক্ত বিষয়াগৰাকীয়ে । ইয়াৰ পিছত শূন্য সহনশীলতাৰ শ্ল’গান দিয়া চৰকাৰখনে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় হ’ব ৷ ঘটনা সন্দৰ্ভত চি আই টি ইউ-ৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ওচৰত বুধবাৰে এখন লিখিত অভিযোগ দাখিল কৰে ৷ জিলা শিক্ষা বিষয়াগৰাকীয়ে এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷
লগতে চাওক:চিকেন লেগক লৈ টনাটনি !!