ৰঙিয়া,9 ফেব্ৰুৱাৰী: দেওবাৰে ৰাতিপুৱা ঘৰলৈ উভতাৰ পথত সন্ধানহীন ৰঙিয়াৰ ধুহিৰ ৰে'ল বিভাগৰ ঠিকাদাৰ তাৰিকুদ্দিন আহমেদ ৷ বঙাইগাঁৱৰ ৰে'লৱেৰ আৱাসিক গৃহৰ পৰা ৰে'ল ষ্টেচনত উপস্থিত হৈছিল তাৰিকুদ্দিন ৷ ফোনযোগে পৰিয়ালৰ লগত কথা পাতি ঘৰলৈ আহি থকা বুলি জনোৱাৰ পাচৰে পৰা কোনো সন্ধান নাই যুৱকজনৰ ৷ ফোনযোগে কথা পতাৰ কিছু সময়ৰ পিছতে ৰহস্যজনকভাৱে বন্ধ হৈ পৰে তাৰিকুদ্দিনৰ মোবাইল ফোন ৷ তেতিয়াৰে পৰা কোনো খবৰ নোপোৱাত ষ্টেচনসমূহত খবৰ কৰিছিল যদিও কোনো শুংসূত্ৰ পোৱা নাই ৷
ঘৰলৈ উভতাৰ পথত সন্ধানহীন ৰঙিয়াৰ ৰে'ল বিভাগৰ ঠিকাদাৰ
ঘৰলৈ উভতাৰ পথত তিনি দিনে সন্ধানহীন ৰঙিয়াৰ ধুহিৰ ৰে'ল বিভাগৰ ঠিকাদাৰ তাৰিকুদ্দিন আহমেদ ৷ বঙাইগাঁৱৰ ৰে'লৱেৰ আৱাসিক গৃহৰ পৰা ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ পাচৰে পৰা সন্ধানহীন হৈ আছে ঠিকাদাৰ তাৰিকুদ্দিন ৷
ঘৰলৈ উভতাৰ পথত সন্ধানহীন ৰঙিয়াৰ ৰে'ল বিভাগৰ ঠিকাদাৰ
ইতিমধ্যে, পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ৰে'লৱে সুৰক্ষা বাহিনী আৰু ৰে'লৱে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো তথ্য লাভ কৰা নাই ৷ পৰিয়ালৰ লোকে ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তই অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও কোনোৱে অপহৰণ কৰাৰ কথা স্বীকাৰ কৰা নাই ৷ ইফালে তিনি দিনৰ পাচতো কোনো খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে আত্মীয় সকল ৷
লগতে পঢ়ক:তিনি দিনীয়া কাৰ্যসূচীৰে খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা