অসম

assam

ETV Bharat / state

বানৰ পিছৰ বিভীষিকা ! - কংগ্ৰেছ

যোৱা কালিৰ পৰা কিছু উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি । ৰাজ্যত সৃষ্টি হৈছে বানৰ পৰৱৰ্তী দৃশ্য ৷ বান কমি অহাৰ লগে লগে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে আশ্ৰয় শিবিৰৰ লোক

হাজোৰ বানাক্ৰান্ত অঞ্চলত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ হাজো কংগ্ৰেছৰ নেতা দুলু আহমেদৰ

By

Published : Jul 19, 2019, 6:24 PM IST

Updated : Jul 20, 2019, 5:29 PM IST


হাজো,20 জুলাই : অবশেষত বিদেশৰ পৰা নিজ সমষ্টিত কংগ্ৰেছ নেতা দুলু আহমেদ । হাজোৰ কংগ্ৰেছ নেতা কৰ্মীৰ এটা দলক লৈ দুলু আহমেদে পৰিদৰ্শন কৰে হাজোৰ কেইবাটাও বান বিধস্ত অঞ্চল । বানাক্ৰান্তৰ মাজত বিতৰণ কৰে বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱা পানী । বানাক্ৰান্ত লোক সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনি দিনৰ ভিতৰত হাজোৰ ৪ টা জিলা পৰিষদৰ অধীনৰ বানপীড়িত অঞ্চলত একেলগে ৪ টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ কথা সদৰী কৰিছে । কাৰণ পানী শুকাই যোৱাৰ পিছতেই বানাক্ৰান্ত অঞ্চল সমূহত দেখা দিয়ে বিভিন্ন ৰোগে । ইতিমধ্যে হাজোৰ আশ্ৰয় শিবিৰত আৰম্ভ হৈছে বিভিন্ন বেমাৰ আজাৰ । সমষ্টি বাসীৰ দু দিনৰ সময়ত কোনেও ৰাজনীতি নকৰি বানাক্ৰান্তৰ ওচৰত একেলগে থিয় দিবলৈ আহ্বান দুলু আহমেদৰ ।

অবশেষত বিদেশৰ পৰা নিজ সমষ্টিত কংগ্ৰেছ নেতা দুলু আহমেদ
Last Updated : Jul 20, 2019, 5:29 PM IST

ABOUT THE AUTHOR

...view details