আমিনগাঁও, 31 জুলাইঃ অসম প্ৰদেশত আৰম্ভ হৈছে ভয়ংকৰ খহনীয়া ৷ একাংশ নেতাৰ স্বাৰ্থলোভী নেতৃত্বৰ বাবেই একালৰ শক্তিশালী দলটোৱে এতিয়া অসমতো ভেটি হেৰুওৱাৰ উপক্ৰম ঘটিছে ৷ একাংশ দালালৰূপী নেতা আৰু প্ৰাক্তন মন্ত্ৰী-বিধায়কৰ স্বেচ্ছাচাৰিতাই অসম প্ৰদেশ কংগ্ৰেছক এফালৰ পৰা জোকাৰি গৈছে ৷ শেহতীয়াকৈ দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত নিলম্বন কৰা হয় দুলু আহমেদক। এই কাৰ্যৰ প্ৰতিবাদ কৰিবলৈ যাঁওতেই দুই কংগ্ৰেছী গোটৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ ৷ বুধবাৰে আমিনগাঁওত হাজো ব্লক কংগ্ৰেছ কৰ্মীসকলক বহুসময় ধৰি আবদ্ধ কৰি ৰাখে ৰকিবুল বাহিনীয়ে ৷ ইয়াকৈ লৈ আমিনগাঁওস্থিত ৰাজীৱ ভৱনৰ সন্মুখত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷
অসম কংগ্ৰেছত আৰম্ভ হৈছে নেকি খহনীয়া ! - আভ্যন্তৰীন সংঘাট
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দুলু আহমেদৰ নিলম্বনৰ পিচতে প্ৰদেশ কংগ্ৰেছত সৃষ্টি হৈছে আভ্যন্তৰীন সংঘাট ৷ মঙলবাৰে নিশা হাজোত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদৰ পিচত বুধবাৰে পুনৰ হাজো কংগ্ৰেছৰ দলটোৱে প্ৰতিবাদ কৰিবলৈ যাঁওতে বাধা দিয়ে শুৱালকুছি কংগ্ৰেছ কৰ্মীয়ে ৷ আমিনগাঁৱৰ ৰাজীৱ ভৱনৰ সন্মুখত হাজো ব্লক কংগ্ৰেছৰ শতাধিক কৰ্মীক আবদ্ধ কৰি ৰাখে শুৱালকুছি ব্লক কংগ্ৰেছ কৰ্মীয়ে ৷
অসম কংগ্ৰেছত আৰম্ভ হৈছে নেকি খহনীয়া !
উল্লেখ্য ৰকিবুলৰ অন্যতম সহযোগী আছিল দুলু আহমেদ ৷ ছচিয়েল মিডিয়াত মুকলিকৈ দলৰ কথা আলোচনা কৰিছিল দুলু আহমেদে। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক গঁড় হত্যাকাৰী আখ্যা দিছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে।