অসম

assam

ETV Bharat / state

ৰঙিয়াত মহকুমাধিপতিৰ সংবাদমেল

নিৰ্বাচনৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ ৰঙিয়া মহকুমাধিপতিয়ে এক সংবাদমেল সম্বোধন কৰে । নিৰ্বাচনী প্ৰচাৰ সভাত সকলোৱে ক'ভিড প্ৰটকল মানি চলিব লাগিব বুলি জনায় মহকুমাধিপতি গৰাকীয়ে ।

ৰঙিয়াত মহকুমাধিপতিৰ সংবাদমেল
ৰঙিয়াত মহকুমাধিপতিৰ সংবাদমেল

By

Published : Feb 13, 2021, 10:01 PM IST

ৰঙিয়া,১৩ ফেব্ৰুৱাৰী: আহি থকা নিৰ্বাচনৰ লগত সংগতি ৰাখি শনিবাৰে কামৰূপ জিলাৰ ৰঙিয়া মহকুমাধিপতিয়ে এক সংবাদমেল সম্বোধন কৰে । কোনো ভোটাৰে যাতে ভোটদানৰ পৰা বঞ্চিত নহয় সেই উদ্দেশ্যে আগত ৰাখি নতুন ভোটাৰসকলক বিশেষ সুবিধা প্ৰদান কৰা হৈছে বুলি জনায় মহকুমাধিপতিগৰাকীয়ে ।

তেওঁ জনোৱা মতে নিৰ্বাচনৰ পূৰ্বে ২০২১ চনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পিছতো নতুনকৈ ভোটদানৰ বাবে যোগ‍্য হোৱা সকলে নিজৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰিব পাৰিব । নিজ অঞ্চলৰ বিএলও অথবা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ নিৰ্বাচনী বিভাগৰ জৰিয়তে নতুন ভোটাৰ সকলে গ্ৰহণ কৰিব পাৰিব এই সুবিধা ।

ৰঙিয়াত মহকুমাধিপতিৰ সংবাদমেল

ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে লগতে কয় যে ক'ভিড ১৯ৰ বাবে আগন্তুক নিৰ্বাচনত প্ৰশাসনে বিশেষ কিছুমান ব‍্যৱস্থা লৈছে ।

প্ৰমাণপত্ৰ থকা দিব‍্যাংগৰ লগতে ৮০ৰ উৰ্দ্ধৰ ব‍্যক্তিসকলক পোষ্টেল বেলট ভোটৰ বাবে সুবিধা প্ৰদান কৰা হৈছে । লগতে যিবিলাক ভোটদান কেন্দ্ৰত এহেজাৰতকৈ অধিক লোকে ভোট দিব তেনে কেন্দ্ৰসমূহত অতিৰিক্ত ভোটদান কেন্দ্ৰৰ ব‍্যৱস্থা কৰা হৈছে বুলিও তেওঁ জনায় ।

অতিৰিক্ত ভোটদান কেন্দ্ৰৰ ব‍্যৱস্থা নৱেম্বৰ মাহত প্ৰকাশিত ভোটাৰ তালিকাৰ আধাৰত কৰা হৈছে । লগতে ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি তেওঁ সংবাদমেলত জনায় । নিৰ্বাচনী প্ৰচাৰ সভাত সকলোৱে ক'ভিড প্ৰটকল মানি চলিব লাগিব বুলি জানিবলৈ দিয়ে মহকুমাধিপতিগৰাকীয়ে ।

লগতে পঢ়ক:ডিগবৈত পথ দুৰ্ঘটনা: আহত 4 গৰাকী

ABOUT THE AUTHOR

...view details