ছয়গাঁও ২১ জুন : ছয়গাঁৱৰ ৰতনপুৰৰ পৰা যোৱা ২৮ মে’ত সংঘটিত হৈছিল এক অপহৰণ কাণ্ড ৷ ছয়গাঁৱৰ ৰতনপুৰৰ পৰা এগৰাকী কিশোৰীক অপহৰণ কৰা হৈছিল ৷ অৱশ্যে এই অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ছয়গাঁও আৰক্ষী ৷ গ্ৰেপ্তাৰ হোৱা যুৱকজন ছয়গাঁও ঢেকেনাবঢ়ী(পানীখাইতি)ৰ চাহিল হক ওৰফে চাহেনশ্বাহ ৷ আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱকজনৰ কৱলৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
জানিব পৰা মতে, যুৱকজনে ২৮ মে’ত ৰতনপুৰৰ ৰাভা উপাধিৰ এগৰাকী কিশোৰীক ফুচুলাই লৈ গৈ কিশোৰী গৰাকীৰ সৈতে আত্মগোপন কৰি আছিল ৷ অৱশেষত এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে ছয়গাঁও আৰক্ষীয়ে কৈমাৰী গাঁৱৰ এটি পৰিয়ালৰ ঘৰৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে কিশোৰীগৰাকীক উদ্ধাৰ কৰে ৷