অসম

assam

By

Published : Apr 29, 2020, 3:24 PM IST

ETV Bharat / state

কেমেৰাৰ সন্মুখতে বাইক চোৰৰ ডেমষ্ট্ৰেচন

ৰাজ্যত অব্যাহত বাইক চোৰৰ তাণ্ডৱ ৷ নতুন-নতুন কৌশলৰ জৰিয়তে নিতৌ চোৰে সংঘটিত কৰে চুৰিকাণ্ড ৷ চাংসাৰী আৰক্ষীৰ সন্মুখতে চোৰে দেখুৱালে চুৰিকাণ্ডৰ ডেমষ্ট্ৰেচন ৷

Changsari bike lifter arrested
বাইক চোৰ মনোজ বৰা

চাংসাৰী, 29 এপ্ৰিল : লক-ডাউনৰ সুযোগ লৈ ৰাজ্যত অব্যাহত আছে বিভিন্ন চুৰিকাণ্ড ৷ নতুন-নতুন কৌশলৰ জৰিয়তে প্ৰতিদিনেই চোৰে অব্যাহত ৰাখিছে চুৰিকাণ্ড ৷ বাইক চোৰৰ অপৰাধত চাংসাৰী আৰক্ষী থানাৰ আলহী হোৱা মনোজ দাস নামৰ লোকজনে চাংসাৰী আৰক্ষীৰ সন্মুখতে দেখুৱালে বাইক চুৰিৰ ডেমষ্ট্ৰেচন ৷ আনকি কেনেদৰে মটৰ চাইকেলৰ লক ভাঙি চুৰিকাণ্ড সংঘটিত কৰে তাৰ সকলো তথ্য কেমেৰাৰ আগত প্ৰদৰ্শন কৰি দেখুৱালে যুৱকজনে ৷

বাইক চোৰ মনোজ বৰা

উল্লেখযোগ্য যে, অভিযুক্ত মনোজ দাস নামৰ লোকজনে পূৰ্বতেও বহুবাৰ চুৰিকাণ্ডৰ অপৰাধত ৰঙাঘৰৰ আলহী হৈছিল ৷

ABOUT THE AUTHOR

...view details