পলাশবাৰীৰ অজন্তা ফাৰ্মাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী - অগ্নিকাণ্ড
পলাশবাৰীৰ অজন্তা ফাৰ্মাত উপস্থিত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী৷ যোৱা ৩১ আগষ্টত দক্ষিণ কামৰূপৰ পলাশবাৰীত দুজন কৰ্মচাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অজন্তা ফাৰ্মা নামৰ ঔষধ নিৰ্মান প্ৰতিষ্ঠানটোত সৃষ্টি হৈছিল বৃহৎ ধ্বংসলীলা ৷ কেম্পানীৰটোৰ আচ-বাব, দৰ্জা-খিৰিকিকে ধৰি বিলাসী বাহন পৰ্যন্ত ভাঙি পেলাইছিল উত্তেজিত জনতাই
পলাশবাৰী, 4 চেপ্তেম্বৰঃ যোৱা ৩১ আগষ্টত দক্ষিণ কামৰূপৰ পলাশবাৰীত দুজন কৰ্মচাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অজন্তা ফাৰ্মা নামৰ ঔষধ নিৰ্মাণ প্ৰতিষ্ঠানটোত সৃষ্টি হৈছিল বৃহৎ ধ্বংসলীলা৷ কেম্পানীৰটোৰ আচ-বাব, দৰ্জা-খিৰিকীকে ধৰি বিলাসী বাহন পৰ্যন্ত ভাঙি পেলাইছিল উত্তেজিত জনতাই৷ উল্লেখ্য যে যোৱা ৩১ আগষ্টৰ পুৱতি নিশা পলাশবাৰীস্থিত অজন্তা ফাৰ্মা নামৰ ঔষধ নিৰ্মান উদ্যোগটোত প্ৰায় ৪:৩০ বজাত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে । এই অগ্নিকাণ্ডত নিহত হয় মিৰ্জা বজাৰাপাৰাৰ জিটু দাস আৰু মাজকুচিৰ মহেশ ঠাকুৰীয়া নামৰ দুজন কৰ্মচাৰী । স্থানীয়লোকৰ মতে উদ্যোগ কৰ্তৃপক্ষৰ গাফিলটিৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড । যাৰফলত কৰুণ মৃত্যুক আকোৱালি লৈছিল কৰ্মচাৰীকেইজনে|