ৰাজ্যজুৰি পালন 'কাৰ্গিল বিজয় দিৱস' - চিত্ৰাংকন প্ৰতিযোগিতা
বৰমাত চিত্ৰাংকন প্ৰতিযোগিতা ৷ ৰঙিয়াত এছ এছ বি জোৱানৰ সমদল ৷ কাছাৰত ৰক্ত দান শিবিৰ ৷
বৰমা, ৰঙিয়া, শিলচৰ, 26 জুলাই : সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন কাৰ্গিল বিজয় উৎসৱ ৷ নানা অনুষ্ঠান - প্ৰতিযোগিতা আয়োজনৰে উদযাপিত কাৰ্গিল বিজয় উৎসৱ ৷ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰ্গিল বিজয় উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয় ৷ লগতে, ছাত্ৰ ছাত্ৰী সকলক দেশপ্ৰেমৰ প্ৰতি জাগ্ৰত কৰিবৰ বাবে কাৰ্গিল যুদ্ধৰ ওপৰত বনোৱা তথ্যচিত্ৰ দেখুওৱা হয় ৷ ইফালে, ৰঙিয়াত হাতত পতাকা লৈ বন্দে মাতৰম ধ্বনিৰে সমদল উলিয়াই এছ এছ বি জোৱানসকলে ৷ বিজয় দিৱসৰ অনুষ্ঠানৰ আৰম্ভণিতে যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ বাবে ৰঙিয়াৰ এছ এছ বি 24 নং বেটেলিয়ানৰ ছেক্টৰ কাৰ্যালয়ত দুই মিনিটৰ মৌন প্ৰাৰ্থনা কৰা হয় ৷ আনহাতে, কাছাৰ জিলাৰ বাংলাদেশ সীমান্তৰ লেবাৰপূতা সীমান্ত চকীত এক ৰক্ত দান শিবিৰ আয়োজন কৰে বিএছএফৰ 131 বেটেলিয়ানে । এনেদৰেই আজি দিনটোত বিভিন্ন স্থানত উদযাপন কৰা হয় কাৰ্গিল বিজয় উৎসৱ ৷