অসম

assam

ETV Bharat / state

বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং - বাঢ়নী পানী

বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱালে কামৰূপ আৰু নলবাৰী সংযোগী বগলচ পথৰ এখন কাঠৰ দলং ৷ অঞ্চলটোৰ যাতায়তৰ একমাত্ৰ মাধ্যম দলংখন ভাঙি যোৱাত দুৰ্ভোগ ভুগিছে ৰাইজে ৷

বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং

By

Published : Jul 1, 2019, 3:26 PM IST

ৰঙিয়া,1 জুলাই : কামৰূপ আৰু নলবাৰী সংযোগী বগলচ পথৰ এখন কাঠৰ দলং বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ নৈৰ দুয়োপাৰৰ প্ৰায় পঞ্চাশখন গাঁৱৰ মাজত যোগাযোগৰ একমাত্ৰ মাধ্যম দলংখন ভাঙি যোৱাত দুৰ্ভোগ ভুগিব লগা হৈছে জনসাধাৰণে ৷ উক্ত দলংখনেৰে ৰঙিয়াৰ বালিসত্ৰ,ধুহি আদিৰ পৰা চমুখা হৈ নলবাৰীৰ বৰশালা আৰু ঘগ্ৰাপাৰলৈ নিতৌ শ শ ছাত্ৰ-ছাত্ৰীয়ে অহা - যোৱা কৰে ৷ হঠাৎ দলংখন উটুৱাই নিয়াত প্ৰায় ১০-১২ কিলোমিটাৰ দূৰ যাত্ৰা কৰিবলৈ যমৰ যাতনা ভুগিছে কণমানি ছাত্ৰ-ছাত্ৰী সকলে ৷

বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং

লগতে বৃহত্তৰ অঞ্চলটোৰ ব্যৱসায়-বাণিজ্যৰ একমাত্ৰ কেন্দ্ৰস্থলী চমুখা বজাৰতো বিৰূপ প্ৰভাৱ পৰাৰ আশংকাত ক্ষুদ্ৰ ব্যৱসায়ীসকল দুশ্চিন্তাত ভুগিব লগা হৈছে ৷ উল্লেখ্য যে, প্ৰায় ১৫ বছৰ পূৰ্বে উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু আজিপৰ্যন্ত দলংখন সম্পূৰ্ণ নোহোৱাত অতীষ্ঠ হৈ পৰিছে ৰাইজ। আনকি দলংখন নিৰ্মাণত নিয়োজিত চাৰিজনকৈ ঠিকাদাৰ সলনি হোৱাৰ পাছতো দলঙৰ কাম সম্পূৰ্ণ হৈ নুঠাত সমীপতে জোৰা-টাপলি মাৰি এখন কাঠৰ দলং নিৰ্মাণ কৰা হৈছিল। বাঁহৰ খুটাৰ উপৰত কাঠৰ দলংখন নিৰ্মাণ কৰা বাবে নৈৰ পানী বাঢ়ি যোৱাৰ লগে লগে ভাঙি যায়। দলং নিৰ্মাণৰ দুৰ্নীতিৰ তদন্ত কৰাৰ লগতে বৃহত্তৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে পকী দলংখন সম্পূৰ্ণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে ৷

ABOUT THE AUTHOR

...view details