অসম

assam

ETV Bharat / state

বকোত মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে শতাধিক মহিলাৰ প্ৰতিবাদ - নীতি-নিৰ্দেশনা

বকোত মাইক্ৰ’ ফাইনেন্সৰ কোম্পানী সমূহৰ বিৰুদ্ধে সৰৱ জাতীয় সেনা অসমৰ মহিলা গোটৰ সদস্য সকল ৷ মাইক্ৰ' ফাইনেন্সৰ সুত ৰেহাই দিয়ক, মহিলাক হাৰাশাস্তি নকৰিব, আদি শ্ল'গান লিখা বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

Boko Women staged massive protest against Micro Finance Companies
বকোত মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে শতাধিক মহিলাৰ প্ৰতিবাদ

By

Published : Sep 1, 2020, 9:46 PM IST

বকো, 1 ছেপ্তেম্বৰ : ক'ভিড-19 ৰ ত্ৰাসৰ মাজতে ৰাজ্যৰ মাইক্ৰ’ ফাইনেন্স কোম্পানী সমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন মহিলা সংগঠন ৷ গ্ৰাহকক ঋণ দিয়াৰ নামত চূড়ান্ত ৰামঠগন দিয়াৰ অভিযোগ মাইক্ৰ’ ফাইনেন্স সমূহৰ বিৰুদ্ধে ৷

মঙলবাৰে কামৰূপ জিলাৰ বকোৰ ভিন্ন প্ৰান্তৰ সহশ্ৰাধিক মহিলাৰ এনে অভিযোগৰ ভিত্তিত সমগ্ৰ বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ জাতীয় সেনাৰ মহিলা গোটৰ উদ্যোগত বকোত আয়োজন কৰে এক প্ৰতিবাদী কাৰ্যসূচী । জাতীয় সেনা অসমৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ মহিলা গোটৰ সভানেত্ৰী অদিতী কলিতা আৰু সম্পাদিকা চন্দ্ৰমা কলিতাৰ তৎপৰতাত দুই শতাধিক মহিলাৰ উপস্থিতিত ৰূপায়িত হয় প্ৰতিবাদী কাৰ্যসূচী ।

জাতীয় সেনাৰ মহিলা গোটৰ কাৰ্যালয়ত সমবেত হোৱা মহিলা সকলে মাইক্ৰ' ফাইনেন্সৰ সুত ৰেহাই দিয়ক, মহিলাক হাৰাশাস্তি নকৰিব, লক ডাউনৰ সময়ত ঋণৰ কিস্তি উঠোৱা বন্ধ কৰক আদি শ্ল'গান লিখা বেনাৰ, আৰু প্লেকাৰ্ড হাতত লৈ 17নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

বকোত মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে শতাধিক মহিলাৰ প্ৰতিবাদ

ইয়াৰ পিচতে উক্ত বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণিত মহিলা গোটটোৰ বকো আঞ্চলিক সমিতিৰ সভানেত্ৰী প্ৰতিভা ৰাভাই মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত চৰকাৰী নীতি-নিৰ্দেশনা অনুযায়ী সুতৰ হাৰ ৰেহাই দিবলৈ চৰকাৰক অনুৰোধ জনায় ৷ লগতে, বিষয়টো চৰকাৰে বিবেচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মহিলা সংগঠনটোৱে ।

লগতে পঢ়ক : এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে কাছাৰৰ বাগবাহাৰবাসী

ABOUT THE AUTHOR

...view details