বকো, 9 জানুৱাৰী :বকোৰ জাৰাপাৰাত শনিবাৰে স্থানীয় লোকে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰে । জৰাপাৰত পথৰ দাঁতিত পাৰ্কিং বন্ধ কৰা লগতে হাহিম পথত বাহনৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় লোকে ।
বকোৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ - দুৰ্ঘটনা
বকো-হাহিম পথেৰে অবাধ গতিত সৰবৰাহ হয় কয়লা ট্ৰাক । শুকুৰবাৰে নিশা কয়লা ট্ৰাকৰ খুন্দাত নিহত হয় পংকজ ৰাভা নামৰ এজন যুৱক ।
বকোৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ
উল্লেখ্য যে, বকো-হাহিম পথেৰে অবাধ গতিত সৰবৰাহ হয় কয়লা ট্ৰাক । কয়লা সৰবৰাহ কৰা বৃহৎ বৃহৎ ট্ৰাকে বিভিন্ন সময়ত ৰাইজৰ যাতায়ত বিঘ্নিত কৰে । জাৰাপাৰাৰ স্থানীয় লোকে কেইবাবাৰো প্ৰশাসনক এই বিষয়ে অৱগত কৰাৰ পাছতো কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ এনে সময়তে শুকুৰবাৰে নিশা কয়লা ট্ৰাকৰ খুন্দাত নিহত হয় পংকজ ৰাভা নামৰ এজন যুৱক । তাৰ পিছতে অধিক ক্ষোভিত হৈ উঠে স্থানীয় লোক ।
লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ