অসম

assam

ETV Bharat / state

ছয়গাঁৱত বনবিভাগৰ অভিযান;জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ - বামুণীগাঁও

বামুণীগাঁৱৰ বন বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত ছয়গাঁৱৰ চাম্পুপাৰা সাপ্তাহিক বজাৰত চলোৱা এক অভিযানত বনবিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ আৰু অবৈধ ভাৱে বিক্ৰী কৰিবলৈ অনা ফাৰ্নিচাৰ ৷

বনবিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ

By

Published : Jul 31, 2019, 2:56 PM IST

Updated : Jul 31, 2019, 3:19 PM IST

বকো, 31 জুলাইঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ চাম্পুপাৰাৰ সাপ্তাহিক বজাৰত বন বিভাগৰ অভিযান৷ অকস্মাৎ অভিযান চলাই বনবিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ আৰু অবৈধ ভাৱে বিক্ৰী কৰিবলৈ অনা ফাৰ্নিচাৰ ৷এক গোপন সূত্ৰৰ ভিত্তিত বামুণীগাঁও বন কাৰ্যালয়ৰ প্ৰটেকচন ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত চলোৱা হয় এই অভিযান ।

বনবিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ

চাম্পুপাৰা সাপ্তাহিক বজাৰত অভিযান চলাই প্ৰায় দুই লক্ষাধিক টকা মূল্যৰ ফলা কাঠ আৰু ফাৰ্নিচাৰ জব্দ কৰা হয় । এই অভিযানত বামুণীগাঁও বন বিভাগৰ বন কৰ্মী ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী আৰু চি আৰ পি বাহিনীৰ সহযোগত অবৈধ ভাবে দীৰ্ঘদিন ধৰি ব্যৱসায় চলাই থকা চোৰাং কাঠৰ ঘাটি উৎখাত কৰে।

লগতে পঢ়কঃ বান বিধ্বস্ত ধুবুৰী জিলাত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি

Last Updated : Jul 31, 2019, 3:19 PM IST

ABOUT THE AUTHOR

...view details