বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন - rally
ৰাজ্য খনৰ আগশাৰীৰ মহাবিদ্যালয় সমুহৰ ভিতৰত কামৰূপ জিলাৰ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ে এইবাৰ 56 সংখ্যক বৰ্ষত ভৰি দিয়ে ৷ এই উপলক্ষে শনিবাৰে জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোত আয়োজন কৰা হৈছে মহাবিদ্যালয়খনৰ ৫৬ সংখ্যক বৰ্ষৰ প্ৰতিষ্ঠা দিৱস।
বকো 4 আগষ্টঃ ৰাজ্য খনৰ আগশাৰীৰ মহাবিদ্যালয় সমুহৰ ভিতৰত কামৰূপ জিলাৰ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ে এইবাৰ 56 সংখ্যক বৰ্ষত ভৰি দিয়ে ৷ এই উপলক্ষে শনিবাৰে জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোত আয়োজন কৰা হৈছে মহাবিদ্যালয়খনৰ ৫৬ সংখ্যক বৰ্ষৰ প্ৰতিষ্ঠা দিৱস। সমগ্ৰ দক্ষিণ কামৰূপৰ উন্নত উচ্চ শিক্ষাৰ শিক্ষা অনুষ্ঠান মহাবিদ্যালয় খনে অসম চৰকাৰৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ বহু বিভাগৰ দ্বাৰা শ্ৰেষ্ঠ সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱা এই বৌদ্ধিক শিক্ষাৰ অনুষ্ঠানটোৰ শনিবাৰে প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণিতে অধ্যক্ষ ড: নৃপেন গোস্বামীয়ে পতাকা উত্তোলন কৰি দিনযোৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাচতে স্মৃতি তৰ্পণ কৰে বকোৰ অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া তথা বিশিষ্ট সমাজ সংগঠক কেশৱ চন্দ্ৰ ৰাভা আৰু বকো হিন্দী মহাবিদ্যালয়ৰ অধ্যক্ষ সৰ্বেশ্বৰ মহন্তই। কাৰ্য্যসুচী মৰ্মে সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বকো সাহিত্য সভাৰ সভাপতি লক্ষ্মীকান্ত শৰ্মাই। মহাবিদ্যালয় খনৰ ছাত্ৰ - ছাত্ৰীৰ সহযোগত চহা অসমীয়া সংস্কৃতি ; কৃষক - বনুৱা ; গড়ঁ হত্যা ৰোধ কৰা ; বিহু ; কোচ ৰাজবংশী সংস্কৃতি ; ভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি; নাম প্ৰসংগ ; সামাজিক ব্যাধি আদিকে ধৰি ভিন্ন প্ৰতিক পট সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয়। শোভাযাত্ৰাৰ পাছত সভাগৃহত বিশিষ্ট অতিথি অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড: মিহিৰ কান্তি চৌধুৰী আৰু জে এন কলেজ বকোৰ পৰিচালনা সমিতিৰ সভাপতি ড: মৃগেন মোহন গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি মুকলি কৰে ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ নমুনা - ২০১৯ শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ। মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ যতীন নাথাকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথি ; বকো অঞ্চলৰ বহু সংখ্যক সমাজ সংগঠক ; মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ পৰাই বৰ্তমানলৈকে উত্থানৰ লগত জড়িত থকা বহু কেইজন বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ ছাত্ৰী বক্তৃতা অনুষ্ঠানত উপস্থিত থাকে। আনহাতে অনুষ্ঠানটোৰ আদৰণি ভাষণত অধ্যক্ষ ড: নৃপেন গোস্বামীয়ে সাম্প্ৰতিক সময়ত মহাবিদ্যালয় খনৰ শৈক্ষিক আৰু বাহ্যিক কাৰণত ৰাষ্ট্ৰীয় পৰ্য্যয়ত শ্ৰেষ্ঠত্তৰ ফলাফলৰ বাবে ষ্টাৰ কলেজৰ স্বীকৃতি লাভ কৰা বুলি ঘোষণা কৰা কাৰ্য্যই গৌৰৱান্বিত কৰি তুলিছে মহাবিদ্যালয়ৰ লগতে অঞ্চলবাসীক ।