ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষণ আৰু শুদ্ধকৈ প্ৰকাশৰ দাবীত জাগীৰোডত বজৰং দলৰ জোৰ সমদল - assam nrc
দেওবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষণ আৰু শুদ্ধকৈ প্ৰকাশৰ দাবীত জাগীৰোডত বজৰং দলে জোৰ লৈ সমদল কৰে। এন আৰ চিত বিদেশী স্বদেশী আৰু স্বদেশী-বিদেশী হোৱা বুলি অভিযোগ কৰে বজৰং দলে ।
জাগীৰোড,1ছেপ্টেম্বৰঃ শনিবাৰে প্ৰকাশ পোৱা এন আৰ চিৰ পূৰ্ণাংগ খচৰাৰ প্ৰতি ৰাজ্যজুৰি দেখা গৈছে অসন্তুষ্টি ৷ শনিবাৰে বিভিন্ন দল-সংগঠনে এই খচৰাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাচত দেওবাৰেও অব্যাহত আছে বিভিন্নজনৰ প্ৰতিক্ৰিয়া ৷ ইপিনে শনিবাৰে প্ৰকাশ পোৱা এন আৰ চিক লৈ সুখী নহয় বজৰং দল । ৰাজ্যত অধিক বিদেশী থকাৰ সন্দেহ কৰা জিলাসমূহতে অধিকাংশ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ দলটোৰ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষণ আৰু শুদ্ধকৈ প্ৰকাশৰ দাবীত জাগীৰোডত বজৰং দলে দেওবাৰে জোঁৰ লৈ সমদল কৰে । জাগীৰোদ প্ৰণ্ড সমিতিৰ উদ্যোগত এই কাৰ্যসূচী উলিওৱা হয় । এন আৰ চিত বিদেশী স্বদেশী আৰু স্বদেশী-বিদেশী হোৱা বুলি অভিযোগ কৰে বজৰং দলে ।