বকো, 2 অক্টোবৰ : অসমত অনুষ্ঠিত হবলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে ১২৬ টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে অনুষ্ঠিত কৰে 'সমষ্টি সভা' ৷ ছয়গাঁও সমষ্টিৰ বামুণীগাঁওতো অনুষ্ঠিত হয় 'ছয়গাঁৱ সমষ্টি সভা'।
কিন্তু কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ সভাত দেখিবলৈ পোৱা নগ’ল কৰ’ণা মহামাৰীৰ বাবে চৰকাৰে বান্ধি দিয়া কোনো নীতি নিয়ম ৷ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ সামাজিক দূৰত্ব তথা মাস্ক পৰিধান আদিৰ যি ব্যৱস্থা কৰা হৈছিল সেই ব্যৱস্থাক আওকাণ কৰা দেখা গ’ল এই সমষ্টি সভাত ৷