অসম

assam

By

Published : Feb 9, 2021, 6:45 PM IST

ETV Bharat / state

বিদ্যালয়ৰ সমীপত জনসভা আয়োজনেৰে সমালোচনাৰ সন্মুখীন বিজেপি

শাসনাধিষ্ঠিত বিজেপি দলৰ আজৱ কাণ্ড ৷ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ আজাৰাত বিদ্যালয়ৰ কাষতে অনুসূচীত জাতি মৰ্চাই আয়োজন কৰিলে বিশাল জনসভা ৷ যাৰ পৰিপ্ৰেক্ষিতত পাঠদান কাৰ্যসূচীত ব্য়াঘাত জন্মাত পাঠদান বন্ধ কৰিবলৈ বাধ্য হয় বিদ্য়ালয় কৰ্তৃপক্ষ ৷

bjp-meeting-affected-of-schools-teaching
আজাৰাত বিদ্যালয়ৰ কাষতে জনসভা আয়োজন কৰি সমালোচনাৰ সন্মুখীন বিজেপি

আজাৰা,9 ফেব্ৰুৱাৰী: শাসনাধিষ্ঠিত বিজেপি দলৰ আজৱ কাণ্ড ৷ বিদ্যালয়ৰ কাষতে বিশাল জনসভা আয়োজন কৰি ছাত্ৰ-ছাত্ৰীৰ পাঠদান কাৰ্যত ব্যাঘাত জন্মাবলৈ কুণ্ঠাবোধ নকৰিলে একপ্ৰকাৰ ক্ষমতাই মূৰত ধৰা বিজেপি দলৰ ৷ মঙলবাৰৰ দিনটোত এই দৃশ্য দেখা পোৱা গ'ল পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ আজাৰাত ৷ অনুসূচীত জাতি মৰ্চাই আয়োজন কৰা এই বিশাল জনসভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰিছিল ৷

বিদ্যালয়ৰ সমীপত জনসভা আয়োজনেৰে সমালোচনাৰ সন্মুখীন বিজেপি

কিন্তু দুৰ্ভাগ্যজনকভাৱে সভাৰ কোলাহলত বিদ্যালয় কৰ্তৃপক্ষই বন্ধ কৰিবলৈ বাধ্য হ’ল পাঠদান ৷ জনসভাখনৰ পৰা মাত্ৰ 10 মিটাৰ নিলগত থকা আজাৰা মজলীয়া বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়াত এনেদৰে ব্যাঘাত জন্মা স্বত্বেও যেন কোনো প্ৰতিক্ৰিয়া পৰিলক্ষিত নহ’ল গেৰুৱা বাহিনীটোৰ ৷ ইপিনে বিদ্যালয়ৰ পাঠদান বন্ধ কৰিবলৈ বাধ্য হোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে ৷ লক্ষণীয়ভাৱে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বিদ্যালয়খনত পাঠদান ব্যাহত হোৱা সন্দৰ্ভত সকলো দোষ স্থানীয় প্ৰশাসনৰ ওপৰত দি দলটোক বচোৱাৰ চেষ্টা চলায় ৷

লগতে পঢ়কঃকোকৰাঝাৰত পুনৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details