অসম

assam

ETV Bharat / state

Cong slams BJP: বিজেপিৰ বিৰুদ্ধে লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ কংগ্ৰেছ নেতা পৃথ্বীৰাজ প্ৰভাকৰ সাথেৰ - পৃথ্বীৰাজ প্ৰভাকৰ সাথে

ছয়গাঁৱত কংগ্ৰেছৰ হাথ ছে হাথ জোড়ো যাত্ৰা ৷ জনসভাত অংশলৈ বিজেপি চৰকাৰক তুলাধুনা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথেৰ ৷ একেখন সভাতে ৰূপজ্যোতি কুৰ্মীক পাগল আখ্যা দিলে বিধায়ক জাকিৰ হুছেইন শিকদাৰে (Jakir Hussain Shikdar slams Rupjyoti Kurmi) ৷

Jakir Hussain Shikdar slams Rupjyoti Kurmi
ছয়গাঁৱত কংগ্ৰেছৰ হাথ ছে হাথ জোড়ো যাত্ৰা

By

Published : Mar 15, 2023, 7:37 PM IST

ছয়গাঁৱত কংগ্ৰেছৰ হাথ ছে হাথ জোড়ো যাত্ৰা

বকো, ১৫ মাৰ্চ: "বিজেপিয়ে হাম দো হামাৰে দো সমীক্ষাৰে ভাৰতবৰ্ষত লুণ্ঠনৰাজ চলাইছে ৷ বিজেপিয়ে পঞ্চপাণ্ডৱ প্ৰক্ৰিয়াৰে বিজেপি বিৰোধী ঢৌক দমন কৰে ৷" ছয়গাঁৱৰ হাতীপাৰাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ হাথ ছে হাথ জোড়ো অভিযানৰ এখন সভাত এই মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথেয়ে (Prithviraj Prabhakar Sathe slams BJP) ।

কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটি তথা মাজৰটোপ, বাতাহদিয়া আৰু আচলপাৰা মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত হাতীপাৰা গাঁও পঞ্চায়তৰ খেলপথাৰত মংগলবাৰে অনুষ্ঠিত হয় এই সভা । ইয়াত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সহকাৰী প্ৰভাৰী পৃথ্বিৰাজ প্ৰভাকৰ সাথে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে বহুকেইজন কংগ্ৰেছ নেতা (Hath se Hath jodo program in Assam) ।

ছয়গাঁৱৰ গুমিৰ পৰা আৰম্ভ হৈ হাতিপাৰা গাঁও পঞ্চায়তৰ খেল পথাৰত শেষ হোৱা বৃহৎ মটৰচাইকেল ৰেলীৰে কংগ্ৰেছৰ ‘‘হাথ ছে হাথ জোড়ো’’ শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷ তাৰ পাচতেই ৰাইজক উদ্দেশ্যি নিজৰ ভাষণ প্ৰদান কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৰাজ সাথেয়ে ৷ ভাষণৰ প্ৰথমতে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সমষ্টিত হোৱা উন্নয়নৰ প্ৰশংসা কৰি অনাগত দিনতো সমষ্টিৰ ৰাইজৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে (Congress public meeting in Chaygaon)।

লগতে পঢ়ক:SEBA HSLC Paper Leak Issue : আৰক্ষীয়ে আমাক একো জনোৱা নাই, প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত শিক্ষামন্ত্রী

তেওঁ লগতে "হাম দো হামাৰে দো" বুলি কৈ বিজেপিৰ চৰম লুণ্ঠনৰাজৰ কথা প্ৰকাশ কৰি নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ লগতে দেশৰ দুজন ব্যৱসায়িক সম্ৰাট আদানী আৰু আম্বানীক চোকা সমালোচনা কৰে । সাথেয়ে কয় যে, নৰেন্দ্ৰ মোডীয়ে বিজেপিৰ বিৰুদ্ধে কোনোবাই মাত মাতিলে বিৰোধী দলৰ সকলোৰে বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে । অথচ মোডীয়ে সংসদত কয় যে, তেখেতে বিজেপি দলৰ হৈ অকলশৰীয়াকৈ সকলোৰে বিৰুদ্ধে যুঁজ দি আহিছে ৷ কিন্তু এয়া সম্পূৰ্ণ অসত্য ।

বিজেপি দলে নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ লগতে চিবিআই, ইডি, NIA ক লৈ পঞ্চপাণ্ডৱৰ দৰে সকলোৰে বিৰুদ্ধে যুঁজ কৰিবলৈ চেষ্টা চলায় । আনকি, বৰ্তমানৰ ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদক দমন কৰিবলৈ বিজেপি দলে ৩২০ টালৈ অভিযোগ প্ৰদান কৰিছে বুলি উল্লেখ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথেয়ে ।

লগতে পঢ়ক:Abolition of districts: হোজাই জিলা বিলুপ্তিকৰণৰ সন্দৰ্ভত চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম বিধানসভাৰ বাজেট অধিবেশনৰ তৃতীয় দিনা বিধানসভাৰ মজিয়াৰ পৰা সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰক উলিয়াই দিয়াৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিকদাৰে । এই সম্পৰ্কে তেওঁ কয়, ‘‘বাজেট অধিবেশনৰ তৃতীয় দিনা বিধানসভাৰ মজিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয় আলোচনা চলি থাকোঁতে ৪০ লাখ জবকাৰ্ডৰ হিতাধিকাৰীক দৈনিক কাম দিয়াৰ বিপৰীতে মাত্ৰ ১৫ হাজাৰ হিতাধিকাৰীক হে দৈনিক জবকাৰ্ডৰ কাম দিয়াৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছিল ৷ তাৰ পাচতেই বিধানসভাৰ অধ্যক্ষই বিধানসভাৰপৰা উলিয়াই দিয়ে ।’’

আনহাতে, শিকদাৰে ছেবাৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীক আধা পাগল বুলি উল্লেখ কৰে ।অসমত চলি থকা মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কে ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী দলৰ কাৰ্য বুলি কোৱা কথাক কটাক্ষ কৰি জাকিৰ হুছেইন শিকদাৰে ৰূপজ্যোতি কুৰ্মীক আধা পাগল বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে (Jakir Hussain Shikdar slams Rupjyoti Kurmi)। লগতে বদৰুদ্দিন আজমল তথা এ আই ইউ ডি এফক মিৰ্জাফৰ আখ্যা দি মিত্ৰতা অসম্ভৱ বুলিও কয় শিকদাৰে ৷

লগতে পঢ়ক:New liquor policy: বিজেপিৰ শাসনত ৰাজ্যত বৃদ্ধি সুৰাৰ দোকান তথা বাৰৰ সংখ্যা

ইফালে, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে নিজৰ ভাষণত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ পৰা পোৱা অনুভৱখিনি ৰাইজৰ আগত প্ৰকাশ কৰে ৷ সেই উদ্দেশ্যৰেই ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম প্ৰদেশ কংগ্ৰেছে ‘‘হাথ ছে হাথ জোড়ো’’ অভিযান আৰম্ভ কৰিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ আগন্তুক সময়ত এই ‘‘হাথ ছে হাথ জোড়ো’’ অভিযানৰ জৰিয়তে পঞ্চায়ত তথা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক ৰাইজে আঁকোৱালি ল’ব আৰু দেশত চলাই থকা শোষণৰাজৰ সামৰণি পেলাব বুলি মত প্ৰকাশ কৰে ৰেকিবুদ্দিন আহমেদে ।

ABOUT THE AUTHOR

...view details