গুৱাহাটী , 10 এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত সংবাদমেল ৷ সংবাদমেলত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কঠোৰ শব্দৰে সমালোচনা কৰে ৰাজ্যিক লোকসভা মিডিয়া বিভাগৰ সদস্য ধ্ৰৱপ্ৰসাদ বৈশ্যই ৷
মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত সফল হৈছে ভাৰতীয় জনতা পাৰ্টি ! - সংবাদমেল
কংগ্ৰেছৰ শাসকৰ লুলোপ দৃষ্টি আছিল কেৱল অসমৰ সম্পদৰ প্ৰতিহে । অসমৰ সম্পদ লুণ্ঠন কৰাটোৱেই কংগ্ৰেছৰ লক্ষ্য বুলি মন্তব্য লোকসভা মিডিয়া বিভাগৰ সদস্য ধ্ৰৱপ্ৰসাদ বৈশ্যৰ ৷
অসমবাসী মাতৃয়ে জানে যে কংগ্ৰেছৰ শাসন মানেই অসমবাসীৰ বাবে শোষণ, বঞ্চনা,নিপীড়ন,অত্যাচাৰৰ শাসন । কংগ্ৰেছে কোনো কালেই অসমবাসীৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰা নাই । কংগ্ৰেছৰ শাসকৰ লুলোপ দৃষ্টি আছিল কেৱল অসমৰ সম্পদৰ প্ৰতিহে । অসমৰ সম্পদ লুণ্ঠন কৰাটোৱেই কংগ্ৰেছৰ লক্ষ্য বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷
স্বাধীনতাৰ সময়তেই অসমৰ নেতৃত্বই অসমক পূব পাকিস্তানৰ লগত অন্তৰ্ভূক্ত কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছে ৷ কিন্তু ষড়যন্ত্ৰ বিফল হোৱাৰ পাচতো কংগ্ৰেছ নেতৃত্বই অসমৰ প্ৰতি মাহী আইৰ দৃষ্টি ভংগী লৈ আহিছে । উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু এন ডি এ চৰকাৰ ভাৰতীয় জনতা পাৰ্টী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আৰু কংগ্ৰেছ মানেই অসমক প্ৰৱঞ্চনা কৰা ইতিহাস বুলিও সংবাদমেলখনত নেতাগৰাকীয়ে মন্তব্য আগবঢ়াই ।