অসম

assam

ETV Bharat / state

আহি আছে জুবিনৰ 'ডাষ্টবিন'

আজি ৰাজ্যজুৰি পালন কৰা হয় নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ' জুবিন গাৰ্গৰ জন্মদিন ৷ কণ্ঠশিল্পী গৰাকীৰ জন্মদিন উপলক্ষে ভিন্ন প্ৰান্তৰ অনুৰাগী সকলে অংকণ কৰে শিল্পী গৰাকীৰ ছৱি ৷ ভিন্ন প্ৰান্তত কটা হয় কেক ৷

Birthday Zubeen Garg_celebration
আহি আছে জুবিনৰ 'ডাষ্টবিন'

By

Published : Nov 18, 2020, 9:53 PM IST

কামৰূপ, ১৮ নৱেম্বৰ: ১৯৭১ চনৰ ১৮ নৱেম্বৰ । এই দিনটোতে জন্ম লাভ কৰিছিল ইশ্বৰ প্ৰদত্ত এটি কণ্ঠই । যি কণ্ঠই বিগত 48 টা বছৰে জীপাল কৰি ৰাখিছে কোটি-কোটি শ্ৰোতা-দৰ্শকৰ হৃদয় ।

আহি আছে জুবিনৰ 'ডাষ্টবিন'

আজি জুবিন গাৰ্গৰ 48 সংখ্যক ওপজা দিন । ১৯৯২ চনত জুবিন গাৰ্গে “অনামিকা”ৰ হাতত ধৰি “মৰম বৰষা”ৰ সেই কালজয়ী গীতৰ সুৰত আজিও তিতি আছে কোটি-কোটি লোকৰ হৃদয় । সেয়ে মৰমৰ শিল্পী গৰাকীৰ ওপজা দিনত আজি সকলোৱে জ্ঞাপন কৰিছে শুভেচ্ছা ৷ অসমৰ জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়াইয়ো জুবিন গাৰ্গৰ উজ্জল ভৱিষ্যতৰ কামনা কৰি যাচিলে আশীৰ্বাদ ।

অন্য এক খবৰৰ বাবে: মৰিগাঁৱত বিৰাজ কৰিছে নান্দনিক পৰিৱেশে

নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ' জুবিন গাৰ্গৰ 48 সংখ্যক জন্মদিন উপলক্ষে বহু অনুৰাগীয়ে ভিন্ন ঠাইত অংকণ কৰিলে শিল্পী গৰাকীৰ ছৱি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত কটা হ'ল কেক ৷ সৰ্বত্ৰে মৰমৰ শিল্পী গৰাকীৰ জন্মদিন পালন কৰা হ'ল উলহ-মালেহেৰ ৷ বহুতে আকৌ কবিতাৰ ভাষাৰে লিখিছে- “হৃদয়ৰ কোঁহে কোঁহে এতিয়া তোমাৰেই নাম। কেতিয়াবা নদী হোৱা, কেতিয়াবা সাগৰ। কেতিয়াবা আকৌ ঠিয় হোৱা সাহসৰ কাঞ্চনজংঘা হৈ''।

আজি হাৰ্ট থ্ৰ' গৰাকীৰ ওপজা দিন উপলক্ষে ছ’চিয়েল মিডিয়াত ইতিমধ্যে শিল্পীগৰাকীক ওপজা দিনৰ গুণমুগ্ধ সকলে শুভেচ্ছা জনাইছে । জুবিনৰ বিভিন্ন সময়ৰ স্মৃতি সোঁৱৰাই অনুৰাগী সকলে প্ৰশংসাৰে ওপচাই পেলাইছে শিল্পীগৰাকীক। মংগলবাৰে আয়ুৰচন্দ্ৰা হাস্পতালৰ ৰোগীৰ সৈতে কেক কাটি আগতীয়াকৈ জন্মদিন পালন কৰা জুবিন গাৰ্গে ।

অন্য এক খবৰৰ বাবে: দৰঙত জুবিন গাৰ্গৰ উদযাপন 48 সংখ্যক জন্মদিন

আজি পুৱাৰে পৰা তেওঁৰ বাসগৃহত ভিৰ কৰেহি অনুৰাগী সকলে । কণমাণি শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে যাঁচিছে ফুল,গামোছা। সৰ্থেবাৰীৰ এগৰাকী অনুৰাগীয়ে কাঁহেৰে শিল্পীগৰাকীক অংকণ কৰি যাঁচিলে মৃত্যঞ্জয় বঁটা ।

এই ওপজা দিনটোত ইটিভি ভাৰতক জনালে আগন্তুক বৰ্ষৰ পৰিকল্পনাৰ কথা । জুবিন গাৰ্গে ফ্ৰেব্ৰুৱাৰীৰ পৰা 'ডাষ্টবিন' নামেৰে এখন হিন্দী ছবি নিৰ্মাণৰ কাম আৰম্ভ কৰিব । আনহাতে, শিশুসুলভ জুবিনে এখন পৰিত্যক্ত ৭০ বছৰীয়া এম্বেছেডৰ পুনৰ নিৰ্মাণ কৰাৰ কথাও ইটিভি ভাৰতক জনায় ।

ABOUT THE AUTHOR

...view details