গুৱাহাটী, ২১ এপ্ৰিলঃ গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰে বৰ্ষীয়ান বিচাৰক ডঃ অমৰেন্দ্ৰ গগৈয়ে । সংবাদ মেলত নিজৰ স্থিতি স্পষ্ট কৰিলে বিচাৰক গৰাকীয়ে ।
বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰকৰ আসন ত্যাগ কৰিব অমৰেন্দ্ৰ গগৈয়ে ! - বিহু সম্ৰাজ্ঞী
সংবাদমেলত কয় যে এনেকুৱা পক্ষপাতমূলক কোনো কাম মই কৰা নাই আৰু আগলৈও নকৰো বুলি স্পষ্ট মন্তব্য কৰে বিচাৰক গৰাকীয়ে ।
সংবাদমেলত বিচাৰক গৰাকীয়ে মোৰ তালিকাত প্ৰথম নিলাম হোৱা নাছিল, বিতপী গগৈ নামৰ বিহুৱতী গৰাকীহে হৈছিল । গতিকে মোক ইমান ডাঙৰ অপমান দিয়াৰ পিছত আগলৈ আৰু বিহু সম্ৰাজ্ঞীৰ বিচাৰক নহওঁ বুলিও স্পষ্ট কৰি দিয়ে গগৈয়ে । সংবাদমেলত তেওঁ আৰু কয় যে এনেকুৱা পক্ষপাতমূলক কোনো কাম মই কৰা নাই আৰু আগলৈও নকৰো বুলি স্পষ্ট মন্তব্য কৰে বিচাৰক গৰাকীয়ে । প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিছিল বিতপী গগৈয়ে । উল্লেখ্য যে, লতাশিল বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাৰ ফলাফলক লৈ কিছু সংখ্যক প্ৰতিযোগীয়ে তেওঁলোকৰ ফলাফল সম্পৰ্কত অসন্তুষ্টি ব্যক্ত কৰিছিল বুলিও মন্তব্য কৰে ।