অসম

assam

ETV Bharat / state

ঠিকাদাৰৰ হেমাহিৰ বাবে মেৰামতি নহ’ল মথাউৰি - কমলপুৰ বিধানসভা সমষ্টি

এফালে কৰ’ণা মহামাৰীয়ে ব্যাহত কৰিছে ৰাজ্যবাসীৰ স্বাভাৱিক জীৱন যাত্ৰা কিন্তু, একে সময়তে বাৰিষাৰ আগমনৰ লগে লগে ৰাইজ এতিয়া সংকিত হৈ পৰিছে বাঢ়নীপানীৰ বাবে ৷ ব্ৰহ্মপুত্ৰৰ আন উপনৈ সমূহৰ দৰেই পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে সম্প্ৰতি চিন্তিত কৰিছে ৰাইজক ৷ ইফালে, ঠিকাদাৰৰ হেমাহিৰ বাবে পুঠিমাৰী নৈৰ আজাৰা অঞ্চলত সম্পূৰ্ণ হৈ উঠা নাই ৰাইজৰ একমাত্ৰ ভৰষা মথাউৰি মেৰামতিৰ কাম ৷

baihata-puthimari-embankment-no-response-by-contracto
ঠিকাদাৰৰ হেমাহিৰ বাবে মেৰামতি নহ’ল মথাউৰি দু:চিন্তাত ৰাইজ

By

Published : Jun 3, 2021, 10:27 PM IST

বাইহাটা, 3 জুন : ফেনে ফুটুকাৰে বাঢ়ি আহিল পুঠিমাৰী নৈৰ পানী । ভূতৰ ওপৰত দানহ পৰাদি অব্যাহত ৰূপত আছে প্ৰতিৱেশী ভূটানৰ পানী এৰি দিয়া কাৰ্য । ইফালে, নৈপৰীয়া ৰাইজে পাহৰা নাই বিগত বৰ্ষ সমূহত মথাউৰি ভঙা দিনৰ বিভীষিকাময় পৰিৱেশৰ কথা । একেসময়তে, বান সমস্যাৰ ওপৰত নতুন মন্ত্ৰী সভাৰ উদ্যমতাক পোনচাটেই বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিছে এচাম ঠিকাদাৰে । পুঠিমাৰী নৈৰ আজাৰা অঞ্চলত দিনক দিনে বেয়ালৈ গতি কৰিছে ৰাইজৰ একমাত্ৰ ভৰষা মথাউৰিটোৰ অৱস্থা । উল্লেখ্য যে, উক্ত মথাউৰিটো মেৰামতিৰ বাবদ বিভাগীয়ভাৱে আবণ্টন কৰা হৈছিল প্ৰায় এক কোটি আশী লাখ টকা।

ঠিকাদাৰৰ হেমাহিৰ বাবে মেৰামতি নহ’ল মথাউৰি দু:চিন্তাত ৰাইজ

কিন্তু, ঠিকাদাৰ গৰাকীৰ মইমতালি তথা হেমাহিৰ বাবে পিছ পৰি ৰৈছে মথাউৰি নিৰ্মাণৰ কাম । বিগত মাহত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই অতি শীঘ্ৰে অৰ্থাৎ 20 দিনৰ সময় নিৰ্ধাৰণ কৰি মথাউৰিৰ কাম সম্পূৰ্ণ কৰিবলৈ মৌখিকভাৱে নিৰ্দেশ দিছিল ঠিকাদাৰ গৰাকীক ।

প্ৰতিটো মূহুৰ্ততে বিপদৰ আগজাননী অনুভৱ কৰি থকা নৈপৰীয়া ৰাইজ এতিয়া অসহায় অৱস্থাত পৰিছে । শংকিত ৰাইজে অতিশীঘ্ৰে মথাউৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবলৈ আহ্বান জনাইছে দায়িত্বত থকা সকলক । এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, মন্ত্ৰী বিধায়ক আৰু জলসম্পদ বিভাগৰ অভিযন্তা কৰ্মচাৰীয়ে কৰ্মত হেমাহি কৰা ঠিকাদাৰ জনক কামত লগাবলৈ সক্ষম হয় নে নহয় ।

লগতে পঢ়ক :কন্টেইনমেন্ট জ’নত আৱদ্ধ মহাৰাণী বাসীয়ে পোৱা নাই পৰ্যাপ্ত খাদ্য

ABOUT THE AUTHOR

...view details