অসম

assam

ETV Bharat / state

নিষ্পত্তিবিহীন গোচৰ মীমাংসাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ - বাইহাটা চাৰিআলিৰ দালাংগাঁও পোষ্য গাওঁ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আইন মহাবিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ ৷ আইন মহাবিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব বিনামূলীয়া আইনী সেৱা ৷ বাইহাটা চাৰিআলিৰ দালাংগাঁৱক পোষ্য গাওঁ হিচাপে লৈ আৰম্ভ কৰিছে আইন সাহায্য শিবিৰ আৰু সজাগতা সভা ৷ এবছৰৰ বাবে এই গাঁৱখনৰ নিষ্পত্তি নোহোৱা সকলো ধৰণৰ গোচৰ আইন মহাবিদ্যালয়খনৰ জৰিয়তে বিনামূলীয়াভাৱে নিষ্পত্তি কৰাৰ আশ্বাস প্ৰদান কৰে ৷

law awarness programe
গোচৰ মীমাংসাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ

By

Published : Feb 9, 2020, 6:00 PM IST

বাইহাটা.9 ফেব্ৰুৱাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আইন মহাবিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ ৷ আইন মহাবিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব বিনামূলীয়া আইনী সেৱা ৷ বহু বছৰ ধৰি যিবিলাক গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে সেইবিলাক গোচৰ নিষ্পত্তিৰ বাবে বিনামূলীয়াকৈ সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আইন মহাবিদ্যালয়ে ৷

গোচৰ মীমাংসাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ

ইয়াৰ বাবে বাইহাটা চাৰিআলিৰ দালাংগাঁৱক পোষ্য গাওঁ হিচাপে লৈ আৰম্ভ কৰিছে আইন সাহায্য শিবিৰ আৰু সজাগতা সভা ৷ এবছৰৰ বাবে এই গাঁৱখনৰ নিষ্পত্তি নোহোৱা সকলো ধৰণৰ গোচৰ আইন মহাবিদ্যালয়খনৰ জৰিয়তে বিনামূলীয়াভাৱে নিষ্পত্তি কৰা হ’ব ৷ জিলা তথা ৰাজ্যিক পৰ্যায়ৰ তত্বাৱধানত এই মহাবিদ্যালয়খনে সেৱা আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়খনৰ অধ্যক্ষ জে পি বড়াই ৷

লগতে চাওকঃশিশুক যৌন নিৰ্যাতনৰ অভিযোগত ৰাজহুৱা শাস্তি বৃদ্ধক

ABOUT THE AUTHOR

...view details