অসম

assam

কামৰূপত স্বামীয়ে প্ৰতাৰণা কৰিলে পত্নীসহ সন্তানক

By

Published : Jun 28, 2019, 2:55 PM IST

কামৰূপৰ বাইহাটা চাৰিআলিৰ মালিবাৰী গাঁৱত স্বামীৰ প্ৰতাৰণাৰ বলি হ’ল পত্নী সহ তিনি সন্তান ৷ বিভিন্ন চল-চাতুৰীৰে পত্নীৰ নামত জিতু শৰ্মাই ঋণ লয় বন্ধন বেঙ্কৰ পৰা ।

কামৰূপত স্বামীয়ে প্ৰতাৰণা কৰিলে পত্নীসহ তিনিসন্তানক

বাইহাটা চাৰিআলি 28 জুনঃ কামৰূপৰ বাইহাটা চাৰিআলিৰ মালিবাৰী গাঁওত স্বামীৰ প্ৰতাৰণাৰ বলি হ’ল পত্নী সহ তিনি সন্তান৷ বিভিন্ন চল চাতুৰীয়ে পত্নীৰ নামত জিতু শৰ্মাই ঋণ লয় বন্ধন বেঙ্কৰ পৰা ।

কামৰূপত স্বামীয়ে প্ৰতাৰণা কৰিলে পত্নীসহ তিনিসন্তানক

উল্লেখ্য যে পত্নীৰ বন্ধন বেঙ্কৰ পৰা লোৱা ধন লৈ ওচৰৰে দৰং জিলাৰ বুঢ়াৰ এগৰাকী মহিলাক লৈ তিনিমাহ ধৰি অন্তৰ্ধান হৈ আছে জিতু শৰ্মা ৷ স্বামীৰ এই কৰ্ম কাণ্ডৰ বাবে তিনিটা সন্তানৰে সৈতে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে পত্নীয়ে । উক্ত ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ধৰনৰ সহায় নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে ।

ABOUT THE AUTHOR

...view details