গুৱাহাটী,4 জুলাই : মঙলদৈৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মৰত এজন ব্যক্তিৰ কৰ্মক দেখি ব্যক্তি জনক পাগল বুলি আখ্যা দিছিল চুবৰীয়াই। কিন্তু সেইজন ব্যক্তিৰ দূৰদৰ্শী চিন্তাই এতিয়া সকলোৱে গ্ৰহণ কৰাৰ সময় আহি পৰিছে ৷
তেতিয়াৰ পাগল এতিয়া মহাজ্ঞানী! - MANGALDAI
মঙলদৈৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মৰত এজন ব্যক্তিৰ কৰ্মক দেখি ব্যক্তি জনক পাগল বুলি আখ্যা দিছিল চুবৰীয়াই । কিন্তু সেইজন ব্যক্তিৰ দূৰদৰ্শী চিন্তাই এতিয়া সকলোৱে গ্ৰহণ কৰাৰ সময় আহি পৰিছে ৷ মহানগৰীৰ মঠঘৰীয়াৰ বাসিন্দা আৰু মঙলৈৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কর্মী পুতুল ভৰালীয়ে 2014 চনৰ পৰা যি কাম কৰি আহিছিল এতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনায় সেই কাম কৰিবলৈ ৷
মহানগৰীৰ মঠঘৰীয়াৰ বাসিন্দা আৰু মঙলদৈৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কর্মী পুতুল ভৰালীয়ে 2014 চনৰ পৰা যি কাম কৰি আহিছিল এতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনাই সেই কাম কৰিবলৈ ৷ পুতুল ভৰালীয়ে 2014 চনত নিজৰ বাসগৃহৰ চাদেৰে নিগৰি অহা বৰষুণৰ পানী সংৰক্ষণৰ বাবে স্থাপন কৰিছিল বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা। 2014 চনত পতুল ভৰালীৰ বৰষুণৰ পানী সংৰক্ষণৰ বাবে ব্যয় কৰা অৰ্থ চুবৰীয়াৰ বাবে আছিল পানী সংৰক্ষণৰ নামত অৰ্থ ব্যয় কৰাটো নিজৰ অৰ্থ পানীত পেলাই দিয়া। কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দ্বিতীয়টো কাৰ্যকালত দেশবাসীক বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ পিছতে পতুল ভৰালী বিশেষ চৰ্চা লাভ কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে পতুল ভৰালীয়ে বৰষুণ আহিলে 5 হাজাৰ লিটাৰ বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হয়।
জনসংখ্যা বিস্ফোৰণৰ ফলত পৃথিৱীৰ বুকুত গঢ়লৈ উঠা বিশাল বিশাল কংক্ৰিটৰ অট্টালিকাৰ বাসিন্দাই ভূগৰ্ভৰ প্ৰতিদিনে লাখ লাখ লিটাৰ পানী উলিয়াই আনি ব্যৱহাৰ কৰাত ভূগৰ্ভৰ জলস্থৰ দিনক দিনে নিম্নগামী হ'বলৈ ধৰিছে। ভূগৰ্ভৰ জলস্থৰ নিম্নগামী হোৱাত সমগ্ৰ বিশ্বৰ সন্মুখত দেখা দিছে জল সংকটে। অসম নদী প্ৰধান ৰাজ্য হোৱাৰ বাবে অসমৰ ভূগৰ্ভত এতিয়াও মজুত আছে যথেষ্ট পৰিমাণৰ পানী ৷ কিন্তু গুৱাহাটী মহানগৰীত বৰ্তমান যিটো হাৰত জনসংখ্যা বৃদ্ধি আৰু বিশাল বিশাল অট্টালিকা নিৰ্মাণ হ'বলৈ ধৰিছে মহানগৰীবাসী জল সংকটৰ সন্মুখীন হ'বলৈ অধিক সময় নালাগে। যদি মহানগৰীবাসী বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত পুতুল ভৰালীয়ে পদক্ষেপ অনুসৰণ কৰে তেতিয়াহে ভৱিষ্যতে গুৱাহাটী মহানগৰীক জল সংকটৰ কবলৰ পৰাৰ পৰা ৰক্ষা কৰিব পৰা যাব।