গুৱাহাটী, ১২জুনঃ গুৱাহাটী কলাক্ষেত্ৰৰ সচিবৰ দ্বায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে সত্ৰীয়া সংস্কৃতিৰ অন্যতম গৱেষক সুদৰ্শন ঠাকুৰে । গুৰুজনাৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য সুদৰ্শন ঠাকুৰৰ ।
কলাক্ষেত্ৰৰ সচিবৰ আসনত গৱেষক সুদৰ্শন ঠাকুৰ - সুদৰ্শন ঠাকুৰ
কলাক্ষেত্ৰৰ সচিবৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিয়েই গুৰুজনাৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা ব্যক্ত কৰে গৱেষক সুদৰ্শন ঠাকুৰে । লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতিক আৰু বিদ্যায়তনিক দিশত গুৰুত্ব দি আগুৱাই যাবলৈ সকলোকে আহ্বান জনাইছে নব-নিযুক্ত সচিব গৰাকীয়ে ।
গুৱাহাটী কলাক্ষেত্ৰৰ কতৃপক্ষই পূৰ্বৰ সচিব মাধুৰীমা বৰুৱা সেনক বিদায় জনোৱাৰ লগতে সুদৰ্শন ঠাকুৰক উষ্ম আদৰণি জনায় । নৱ-নিযুক্ত সচিব সুদৰ্শন ঠাকুৰে কলাক্ষেত্ৰলৈ এক নতুন বাতাবৰণ কঢ়িয়াই আনিব বুলি আশা কৰিছে সকলোৱে । সচিবগৰাকী সত্ৰীয়া নৃত্য, গীত, বাদ্য সকলোতে দখল আছে । তাৰোপৰি 2003 চনত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ফেলচিপ লাভ কৰিছিল সুদৰ্শন ঠাকুৰে । এই অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা যতীন বৰা,পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি ।
লগতে আন এটা বাতৰি- ভাৰতত ৰেলৱে ষ্টেচন নিৰ্মাণ কৰিব ফান্সে !