অসম

assam

ETV Bharat / state

বেজেৰাত বেংক সখীসকলৰ গুৰুত্বপূৰ্ণ সভা - ভিন্ন দাবী

কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেজেৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান আঁচনিৰ দ্বাৰা নিযুক্ত বেংক সখীসকলৰ গুৰুত্বপূৰ্ণ সভা । ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান আঁচনিৰ দ্বাৰা নিযুক্ত বেংক সখীসকলৰ সভাত কেতবোৰ দাবী উত্থাপন ।

বেজেৰাত বেংক সখীসকলৰ গুৰুত্বপূৰ্ণ সভা
বেজেৰাত বেংক সখীসকলৰ গুৰুত্বপূৰ্ণ সভা

By

Published : Feb 22, 2021, 6:03 PM IST

কামৰূপ, ২২ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান আঁচনিৰ দ্বাৰা নিযুক্ত বেংক সখী (B.S)সকলৰ ভিন্ন দাবীৰে গুৰুত্বপূৰ্ণ সভা । কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেজেৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় সভা । উক্ত প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান আঁচনিৰ দ্বাৰা নিযুক্ত বেংক সখীসকলৰ সভাত কেতবোৰ দাবী উত্থাপন কৰে চৰকাৰক ।

বেজেৰাত বেংক সখীসকলৰ গুৰুত্বপূৰ্ণ সভা

ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডৰ দ্বাৰা নিযুক্তি প্ৰাপ্ত ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান আঁচনিৰ অন্তৰ্গত বেংক সখীসকলে দীৰ্ঘদিনে ভোগ কৰি অহা বিভিন্ন সমস্যাসমূহৰ সমাধানৰ সূত্ৰ বিচাৰি অনুষ্ঠিত কৰে এই সভা । তেওঁলোকৰ যাতে এইসমূহ সমস্যা চৰকাৰৰ দৃষ্টি গোচৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সভাখনৰ আয়োজন কৰে ।

ৰাজ্য চৰকাৰে সখীসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত উদাসীন মনোভাৱ গ্ৰহণ কৰাৰ অভিযোগ তুলি বেংক সখীসকলে তেওঁলোকৰ সমস্যাসমূহ চৰকাৰৰ দৃষ্টি গোচৰ কৰিবৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ বিভিন্ন বেংকসমূহৰ বেংক সখীসকল একগোট হৈ এই গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত কৰে ।

বেংক সখীসকলৰ মাহেকীয়া বেতন হিচাপে ১৬০০০ টকা নিৰ্ধাৰণ কৰা, সুকীয়া বাজেটৰ ব্যৱস্থা কৰা, প্ৰতি গৰাকী বেংক সখীক অনলাইনৰ আহিলা পাতি যোগান ধৰা, বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা, প্ৰতি গৰাকী বেংক সখীলৈ ৫ লাখ টকাৰ বীমা প্ৰদান কৰা, বেংকসমূহত বহি কাম কৰাৰ বাবে সুকীয়া আসনৰ ব্যৱস্থা কৰা, বৰ্তমানৰ গাইডলাইনসমূহ পুনৰ বিবেচনা কৰা আদি বিভিন্ন দাবী সমাধান কৰাৰ বাবে উক্ত সভাখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ।

সভাত এই দাবীসমূহ যদি চৰকাৰে মানি নলয় তীব্ৰ আন্দোলনৰো সিদ্ধান্ত গ্ৰহণ কৰে বেংক সখীসকলে । বৰ্তমান চৰকাৰে যিমানখিনি মাননী দি আছে সেইখিনিৰে পৰিয়াল চলা দূৰৰে কথা নিজেই চলিবলৈ অসুবিধা হয় বুলি সংবাদ মাধ্যমৰ আগত বেংক সখীসকলে মন্তব্য কৰে । সভাখনত সদৌ অসম বেংক সখী সন্থাৰ সভানেত্ৰী নুৰজাহান খাটুন আৰু সম্পাদিকা টুটুমনি নাথসহ শতাধিক বেংক সখী উপস্থিত থাকে ।

লগতে পঢ়ক:নলবাৰীত অগপৰ নিৰ্বাচনী কুচ-কাৱাজ

ABOUT THE AUTHOR

...view details