আমিনগাঁও, 29 এপ্ৰিলঃ আমিনগাঁৱত দেওবাৰে নিশা ট্ৰাকে ট্ৰাকে নমোৱা হ'ল EVM ৷ আমিনগাঁৱৰ ষ্ট্ৰংৰূমৰ সমীপত ৩খন বলেৰ' পিক আপ ভেন আৰু ৪ খন ট্ৰাকৰ পৰা EVM নমোৱাকলৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় । এখন দুখন নহয় কেইবাখনো ট্ৰাকত আহিল EVM,VVPAT । ফলত তেজপুৰ সমষ্টিৰ EVM সমূহ টেম্পাৰিঙৰ অপচেষ্টা কৰাৰ লগতে ষ্ট্ৰং ৰূমতে EVM সাল-সলনি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছী কৰ্মী সমৰ্থকসকলে ।
ষ্ট্ৰং ৰূমৰ কাষতে ট্ৰাকে ট্ৰাকে ইভিএমঃ আমিনগাঁৱত উত্তেজনা - ষ্ট্ৰং ৰূম
তেজপুৰ সমষ্টিৰ EVM সমূহ টেম্পাৰিঙৰ অপচেষ্টা কৰাৰ লগতে ষ্ট্ৰং ৰূমতে EVM সাল-সলনি কৰাৰ সন্দেহ কংগ্ৰেছী সমৰ্থক সকলৰ ।
আমিনগাঁও ষ্ট্ৰং ৰূমৰ সমীপত ট্ৰাকে ট্ৰাকে EVM মেচিন কিন্তু কিয় ?
আৰু পঢ়ক 9 ৰাজ্যৰ 71টা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ
আনহাতে EVM সাল-সলনি কৰাৰ সন্দেহত পৰিস্থিতি ক্ৰমান্নয়ে উত্তপ্ত হোৱা বাবে EVM সমূহ ব্যৱহাৰ নোহোৱা EVM বুলি সাংবাদিকৰ আগত জনায় নিৰ্বাচনী বিষয়াই। কিন্তু নিশা প্ৰায় ১১ মান বজাত তেজপুৰৰ পৰা সেই স্থানত EVM সমূহ সৰবৰাহ কৰাৰ ক্ষেত্ৰত সৃষ্টি হৈছে চাঞ্চল্যৰ ।