অসম

assam

ETV Bharat / state

SFIৰ প্ৰতিবাদকাৰীয়ে জ্বলালে 'ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯'ৰ প্ৰতিলিপি - প্ৰতিলিপি দাহ

মুলতঃ শিক্ষাৰ অধিকাৰ আইন সংশোধন কৰি তাত থকা গুণগত শিক্ষাৰ মানদণ্ডৰ বাবে পূৰ্ব নিৰ্ধাৰিত নিয়মবোৰৰ পৰিৱৰ্ত্তন,সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক অৰ্থনৈতিক স্বায়ত্ব শাসন প্ৰদান কৰা,খচৰা খনত শিক্ষকৰ দৰমহা আদিৰ বিষয়ে নিমাত হৈ থকাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে

SFIৰ প্ৰতিবাদ

By

Published : Jun 25, 2019, 11:42 PM IST

Updated : Jun 26, 2019, 12:03 AM IST

ৰঙিয়া,মঙলবাৰ, 25 জুনঃমঙলবাৰে সমগ্ৰ ভাৰতৰ লগতে ৰঙিয়াতো এছ এফ আইৰ কামৰূপ জিলা কমিটিয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯ (খচৰা) ৰ বিৰুদ্ধে ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। মূলতঃ শিক্ষাৰ অধিকাৰ আইন সংশোধন কৰি তাত থকা গুণগত শিক্ষাৰ মানদণ্ডৰ বাবে পূৰ্ব নিৰ্ধাৰিত নিয়মবোৰৰ পৰিৱৰ্ত্তন,সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক অৰ্থনৈতিক স্বায়ত্বশাসন প্ৰদান কৰা,খচৰা খনত শিক্ষকৰ দৰমহা আদিৰ বিষয়ে নিমাত হৈ থকাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰীসকলে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে 'হায় হায়' ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। লগতে তেওঁলোকে প্ৰতিবাদস্থলীত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯ (খচৰা)ৰ প্ৰতিলিপিও দাহ কৰে।

SFU ৰ প্ৰতিবাদকাৰীয়ে জ্বলালে 'ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯'ৰ প্ৰতিলিপি
Last Updated : Jun 26, 2019, 12:03 AM IST

ABOUT THE AUTHOR

...view details