ৰঙিয়া, ৩১ অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰঙিয়াতো ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰায় হয়। সশস্ত্ৰ সীমা বলৰ উদ্যোগত পালন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰঙিয়াৰ স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে ডি আই জি জগদীপ পাল সিং আৰু মন্ত্ৰী ভবেশ কলিতাই জগদীপ পাল সিঙে চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে। প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকীৰ ওপজা দিনটোত সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে।
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰঙিয়াত এছ এছ বিৰ প্ৰীতি খেলৰ আয়োজন - লৌহ মানৱ চৰ্দাৰ
লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তীৰ দিনটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হৈছে। ৰঙিয়াত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ক্ৰিকেট খেল আয়োজন কৰে সশস্ত্ৰ সীমা বলে।
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰঙিয়াত এছ এছ বিৰ প্ৰীতি খেলৰ আয়োজন
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে সশস্ত্ৰ সীমা বলৰ উদ্যোগত আৰু খৈৰাবাৰী ফুটগধূলি সংঘৰ সহযোগত এখন ক্ৰিকেট খেলৰো আয়োজন কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে উদিয়ানা ছেভেন ষ্টাৰ ক্লাবে। অনুষ্ঠানৰ অন্তত ভৱেশ কলিতাই জোৱানসকলৰ লগতে উপস্থিত ৰাইজক শপতবাক্য পাঠ কৰোৱায়।
লগতে পঢ়ক:BSF ৰ উদ্যোগত বৰঝাৰৰত ৰাষ্ট্ৰীয় একতাৰ বাবে সংগীত সন্ধিয়াৰ আয়োজন