অসম

assam

ETV Bharat / state

ৰঙিয়াত এজেপিৰ সাম্ভাব্য প্ৰাৰ্থী পুলিন লহকৰক গ্ৰেপ্তাৰ - জলসিঞ্চন বিভাগ

চিএম ভিজিলেঞ্চৰ গোচৰৰ ভিত্তিত জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা পুলিন লহকৰক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ শনিবাৰে এখন ৰাজনৈতিক সভাত অংশ গ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাতে বাৰ্মিজ নগৰত ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পুলিন লহকৰক ।

One Ex Officers Arrested By Police
ৰঙিয়াত এজেপিৰ সাম্ভাব্য প্ৰাৰ্থী পুলিন লহকৰক গ্ৰেপ্তাৰ

By

Published : Jan 23, 2021, 10:39 PM IST

ৰঙিয়া, 23 জানুৱাৰী: ৰঙিয়াত জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তথা অসম জাতীয় পৰিষদৰ সাম্ভাব্য প্ৰাৰ্থী পুলিন লহকৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ চিএম ভিজিলেঞ্চৰ গোচৰৰ ভিত্তিত অভিযন্তাজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । কিছুদিন পূৰ্বে ৰঙিয়াত পুলিন লহকৰে অসম জাতীয় পৰিষদত যোগদান কৰিছিল । জাতীয় পৰিষদত যোগদান কৰাৰ বাবেই আটক কৰা বুলি অভিযোগ কৰে জাতীয় পৰিষদৰ একাংশ লোকে ।

ৰঙিয়াত এজেপিৰ সাম্ভাব্য প্ৰাৰ্থী পুলিন লহকৰক গ্ৰেপ্তাৰ

আনহাতে, ২০০৮-২০০৯ বৰ্ষৰ বনগাওঁ -দহৰাৰ এটা জলসিঞ্চন আঁচনিৰ ৰূপায়ণত আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বিষয়া জনক ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষী বিষয়াই সদৰি কৰে । উক্ত আঁচনি খনৰ ধন আত্মসাৎ কৰা বুলি ৰঙিয়া দহৰাৰ পৰামান্দ কলিতা নামৰ এজন লোকে চিএম ভিজিলেঞ্চত অভিযোগ দাখিল কৰিছিল । আঁচনি খন ৰূপায়নৰ নামত ৩,৫৩,৩৮০০০ হাজাৰ টকাৰ আৱন্তন আছিল ।

চিএম ভিজিলেঞ্চৰ তদন্তত ৩,২৫,৫৬০ আত্মসাৎ কৰা বুলি ৬/০১/২০২১ তাৰিখে ৰঙিয়া আৰক্ষী থানাত চিএম ভিজিলেঞ্চে এটা গোচৰ ৰুজু কৰে । ৰঙিয়া থানাৰ 24/2021 গোচৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে 120b/406/420/409IPC ধাৰাত শনিবাৰে এখন ৰাজনৈতিক সভাত অংশ গ্ৰহণ কৰিবলৈ গৈ থাকোতে বাৰ্মিজ নগৰত গ্ৰেপ্তাৰ কৰে পুলিন লহকৰক ।

ইফালে অভিযন্তা তথা এজেপিৰ ৰঙিয়া সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী জনক আৰক্ষীয়ে আটক কৰাৰ লগে লগে ৰঙিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসম জাতীয় পৰিষদৰ বহু নেতা কৰ্মী ৰঙিয়া থানাত উপস্থিত হৈ ক্ষোভ প্ৰকাশ কৰে । অসম জাতীয় পৰিষদৰ নেতা কৰ্মীয়ে এইয়া ৰাজনৈতিক আক্ৰোশ বুলি কোৱাৰ লগতে গোটেই ঘটনাটোত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাও জড়িত থকাৰ অভিযোগ তোলে । এজেপিৰ দলীয় কৰ্মী সকলে বিনাচৰ্তে পুলিন লহকৰক মুক্তিৰ দাবী তুলিছে । ইফালে অভিযন্তা তথা এজেপি নেতা পুলিন লহকৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি হৈছে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক-তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ABOUT THE AUTHOR

...view details