অসম

assam

ETV Bharat / state

ৰঙিয়াৰ মধুকুছি গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি - অৰুণোদয় আঁচনি ৰূপায়ণ

অৰুণোদয় আঁচনি ৰূপায়ণত ৰঙিয়াৰ মধুকুছি গাঁও পঞ্চায়তত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত একাংশ মহিলাই ঘেৰাও কৰিলে মধুকুছি গাঁও পঞ্চায়তৰ কাৰ্যালয়। পঞ্চায়তৰ কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে মহিলাসকলে।

ৰঙিয়াৰ মধুকুছি গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি
ৰঙিয়াৰ মধুকুছি গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি

By

Published : Nov 10, 2020, 3:10 PM IST

ৰঙিয়া, ১০ নৱেম্বৰ: দৰিদ্ৰ ৰাইজৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয় আঁচনি ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। বিগত কিছু দিন ধৰি বিভিন্ন জিলাৰ পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰা দেখা গৈছে। মঙলাবাৰে অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত একাংশ মহিলাই ৰঙিয়াৰ মধুকুছি গাঁও পঞ্চায়তত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি দুৱাৰ বন্ধ কৰি দিয়ে প্ৰতিবাদকাৰী মহিলাসকলে। চৰকাৰ বিৰোধী শ্ল'গানেৰে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে। দৰিদ্ৰ পৰিয়ালৰ লোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ পৰিৱৰ্তে ধনী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থপন কৰে ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে। অৰুণোদয় আঁচনিৰ নামত দালালৰাজ চলিছে বুলি অভিযোগ উত্থাপন কৰে মধুকুছি গাঁৱৰ ৰাইজে। একাংশ মধ্যভোগীৰ লগতে বিজেপিৰ নেতা-পালিনেতাৰ অঙহী-বঙহীয়ে এই আঁচনিৰ সুবিধা লাভ কৰাৰ অভিযোগ তুলিছে মহিলাসকলে।

নীতিবৰ্হিভুতভাৱে চাৰি চকীয়া বাহন থকা লোকে এই আঁচনিৰ সুবিধা লাভ কৰাৰ পৰিৱৰ্তে বিশেষভাৱে সক্ষম, অবিবাহিত মহিলা আৰু বহু দৰিদ্ৰ লোক এই আঁচনিৰ তালিকাৰ পৰা বাদ পৰিছে বুলি কৈ ক্ষোভ উজাৰে। নিৰ্ধাৰিত নীতি অনুসৰি আঁচনি ৰূপায়ণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী মহিলাসকলে।


লগতে পঢ়ক:ডিব্ৰুগড়ত শিক্ষাৰ্থীৰ বিনামূলীয়া আধাৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details