আমিনগাঁও,8 আগষ্ট : বুধবাৰে নিশা আমিনগাঁও নামনি অসম শক্তি বিতৰণ কেন্দ্ৰ লিমিটেডৰ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত ৰাইজে লণ্ড-ভণ্ড কৰে কাৰ্যালয়ৰ আচবাব ৷ সঘনাই হোৱা বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ পৰে বৃহত্তৰ আমিনগাঁও-উত্তৰ গুৱাহাটীবাসী ৷ ইফালে, বিদ্যুত কৰ্তনৰ বিৰূপ প্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া-শুনাত ৷ সাধাৰণ ৰাইজক উপেক্ষিত কৰি বৃহৎ কমিচনৰ অংকত উদ্যোগ সমূহক বিভাগটোৱে অবিৰত বিদ্যুত যোগান ধৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইয়াৰ অন্তৰালত উদ্যোগপতিৰে বিদ্যুত বিভাগৰ বিষয়া,কৰ্মচাৰীৰ লগত গোপন বুজা-বুজিৰ গভীৰ ৰহস্য থকাৰো অভিযোগ উত্থাপিত হৈছে । আমিনগাঁও বিদ্যুত বিভাগৰ অনভিজ্ঞ আৰু দায়িত্ব বাহক SDO আৰু JE ৰ বাবেই অঞ্চলবাসীয়ে দুৰ্ভোগ ভুগিছে বুলিও মন্তব্য কৰে একাংশই ৷
আমিনগাঁৱত লণ্ড-ভণ্ড শক্তি বিভাগৰ কাৰ্যালয় - সাংবাদিক
আমিনগাঁও নামনি অসম শক্তি বিতৰণ কেন্দ্ৰ লিমিটেডৰ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত ৰাইজে লণ্ড-ভণ্ড কৰে কাৰ্যালয়ৰ আচবাব ৷
আনহাতে, বুধবাৰে নিশা আমিনগাঁওস্থিত অসম শক্তি বিতৰণ কেন্দ্ৰৰ বিদ্যুত নিয়ন্ত্ৰণ কক্ষত উপস্থিত হয় স্থানীয় ৰাইজ আৰু সাংবাদিক ৷ সাংবাদিক আৰু স্থানীয় ৰাইজে সুৰাপান কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে কৰ্মচাৰীসকলক ৷ ইফালে, সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে সুৰাৰ ৰাগীত মগ্ন কৰ্মচাৰীসকলে ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শক্তি বিভাগৰ নিয়ন্ত্ৰণ কক্ষই 99541-90727 আৰু 9954190730 এই নম্বৰ দুটা গ্ৰাহকৰ সুবিধাৰ্থে দিছিল যদিও ফোন সমূহ বন্ধ কৰি থয় নিয়ন্ত্ৰণ কক্ষত থকা কৰ্মচাৰীসকলে । ইয়াকে লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ । বিদ্যুত যোগান নিয়মীয়া কৰাৰ বাবে বিভাগটোৰ মন্ত্ৰীৰ লগতে স্থানীয় বিধায়কলৈ দাবী জনায় স্থানীয় ৰাইজে ৷