অসম

assam

ETV Bharat / state

বৰঝাৰ বিমান বন্দৰত নতুন ATM মুকলি - State Bank Of India

বিমান যাত্ৰী সকলৰ সুবিধা হোৱাকৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত সন্মুখতে আজিৰে পৰা আনুষ্ঠানিকভাগে মুকলি কৰা হ'ল এটা State Bank Of Indiaৰ এটি ATM । উক্ত ATMটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷

new atm open At Lookpriya Gopinath Bordalai International airport Azara
বৰঝাৰ বিমানবন্দৰত নতুন ATM মুকলি

By

Published : Jan 29, 2021, 4:42 PM IST

দক্ষিণ কামৰূপ, 29 জানুবাৰী: বিমানযাত্ৰীসকলৰ অসুুবিধাৰ প্ৰতি লক্ষ্যৰাখি আজি গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত ভাৰতীয় ষ্টেট বেংকৰ কৰ্তৃপক্ষই স্থাপন কৰিলে এটা ATM মেচিন ৷ দীৰ্ঘ দিন ধৰি বিমান বন্দৰৰ যাত্ৰী সকলে বহু সমস্যাৰ সন্মুখিন হৈ আহিছিল বিমান বন্দৰত ৷

গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আজিৰ পৰা যাত্ৰী সকলৰ এটি বহুদিনীয়া অভাৱৰ অন্ত পৰে। আজি যাত্ৰী সকলৰ সুবিধাৰ্থে মুকলি হ'ল এটি ATM সেৱা । বিমানবন্দৰটোত পূৰ্বৰে পৰা এটি ATM আছিল যদিও সেই ATM টোৰে যাত্ৰীসকলৰ টকা পইচা লেনদেনৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখিন হৈ আহিছিল ৷ কিন্তু যাত্ৰী সকলৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে State Bank Of India কৰ্তৃপক্ষই বিমানবন্দৰৰ সন্মুখতেই স্থাপন কৰে এটা ATM মেচিন ৷

বৰঝাৰ বিমানবন্দৰত নতুন ATM মুকলি

আজি দিনৰ ভাগতে উক্ত ATM টো ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূৱ মণ্ডলৰ পৰিচালক ৰমেশ আৰ এছ তথা বিমাবন্দৰৰ পৰিচালক ৰমেশ কুমাৰ, CISF ৰ বিষয়া আৰু বিমাবন্দৰৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত গ্ৰাহক সকলৰ বাবে আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ উল্লেখ্য যে, বিমানবন্দৰৰ প্ৰৱেশ পথতেই স্থাপন কৰা এই ATM টোত গ্ৰাহক সকলে ধন উলিওৱাৰ লগতে লেনদেন, ইন্টাৰনেট বেংকিঙৰ সকলো ব্যৱস্থা উপলদ্ধ হ'ব বুলি বেংকৰ বিষয়ববীয়া সকলে সাংবাদিকৰ আগত মন্তব্য কৰিছে । ইফালে এই ATM টোৰ জৰিয়তে কেৱল যাত্ৰীয়ে নহয়, বিমানবন্দৰত কৰ্মৰত কৰ্মচাৰী সকলেও বহু ধৰণৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিলে বেংকৰ উপস্থিত বিষয়ববীয়া সকলে ৷

লগতে পঢ়ক- উদুলি-মুদুলি বঢ়াৰপোৰ জন্মভূমি লেটেকুপুখুৰী

ABOUT THE AUTHOR

...view details