অসম

assam

ETV Bharat / state

ৰাভা কৃষ্টি-সংস্কৃতিৰে জীপাল হ'ল ছয়গাঁও - ৰাভা ছাত্র সন্থা

দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অধিৱেশন ৷ অধিবেশনত ৰাভা কৃষ্টি প্ৰদৰ্শনৰ লগতে ৰাভা জনগোষ্ঠীৰ লগত জৰিত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷

ARSU convention at Chaygaon

By

Published : Nov 11, 2019, 4:48 PM IST

ছয়গাঁও, 11 নৱেম্বৰঃ দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে ছয়গাঁওৰ জালুকবাৰীত অনুষ্ঠিত হয় চাৰি ৰাভা সংগঠনৰ অধিৱেশন ৷ ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন, আৰছুৰ সহযোগী সংগঠন মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ ছয়গাঁও শাখাৰ পঞ্চম বাৰ্ষিক অধিৱেশন আৰু লগতে ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশনখনি একেলগেই অনুষ্ঠিত হৈ যায় ৷

মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টৎকেশ্বৰ ৰাভা, বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভা আৰু আলোচনী উন্মোচক হিচাপে উপস্থিত থাকে কবি সাহিত্যিক এডৱাৰ্ড ষ্টেডি এন চাংমা ৷

চাৰি ৰাভা সংগঠনৰ অধিৱেশন

উক্ত অধিৱেশনত নতুন সমিতি গঠন, আলোচনা চক্ৰ, মুকলি সভা আদিৰ উপৰিও কেবাটাও ৰাভা কৃষ্টি প্ৰদৰ্শন কৰা হয় ৷ অধিৱেশনৰ মজিয়াতেই ৰাভা লোকসকলৰ উন্নয়ন, অসম মেঘালয় সীমান্তৰ উকিয়ামত চৰকাৰৰ বান্ধ নিৰ্মাণৰ পৰিকল্পনাৰ বিৰোধিতা, ৰাভা ভাষাৰ সফল প্ৰয়োগৰ প্ৰয়াস আদিকে ধৰি বিভিন্ন বিষয়ৰ আলোচনা কৰা হয় ৷

লগতে পঢ়কঃ অভিনেত্ৰী চেতনা দাসলৈ 2019 বৰ্ষৰ প্ৰজন্ম বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details