অসম

assam

এপিএছচিত সুখ্যাতি অৰ্জন কৰা বনদীপ, ব্ৰুহিত আৰু ভূৱনেশ্বৰ ৰাভাক সম্বৰ্ধনা

By

Published : Jan 24, 2021, 9:56 PM IST

কামৰূপ জিলাৰ বকোস্থিত ৰাভা হাছং সংগ্ৰাহালয়ৰ সভাগৃহত সদ্য ঘোষিত এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ বনদীপ ৰাভা, ব্ৰুহিত ৰাভা আৰু ভূৱনেশ্বৰ ৰাভাক সম্বৰ্ধনা ৷ নিখিল ৰাভা কৰ্মচাৰী পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বকো আঞ্চলিক সমিতিৰ সহযোগত আয়োজন কৰা হৈছিল সম্বৰ্ধনা অনুষ্ঠানটো ৷

apsc-passed-out-boys-felicitated
এপিএছচিত সুখ্যাতি অৰ্জন কৰা বনদীপ, ব্ৰুহিত আৰু ভূৱনেশ্বৰ ৰাভাক সম্বৰ্ধনা

বকো, 24 জানুৱাৰী :একাগ্ৰতা আৰু অধ্যাৱসায়ৰ ফলত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা জলন্ত উদাহৰণ হ'ল বনদীপ ৰাভা, ব্ৰুহিত ৰাভা আৰু ভূৱনেশ্বৰ ৰাভা । শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা গ্ৰহণ কৰা বকোৰ ভিতৰুৱা গাঁও ভুটাৰগাড়ী আমবাৰীৰ মহেশ ৰাভা আৰু চিত্ৰা ৰাভাৰ পুত্ৰ বনদীপ ৰাভাই সদ্য ঘোষিত এ পি এছ চি পৰীক্ষাত দশম স্থান (অসামৰিক সেৱা), গোৱালপাৰা জিলাৰ দ্বাৰকা গাওঁৰ কমলাকান্ত ৰাভা আৰু প্ৰায়াত চণ্ডিশ্বৰী ৰাভাৰ পুত্ৰ ব্ৰুহিত ৰাভাই ৪৮ সংখ্যক স্থান (অসামৰিক সেৱা) আৰু গোৱালপাৰা জিলাৰ দূধনৈ উদয়পুৰৰ নিবাসী ভোজনলাল ৰাভা আৰু মণিষা ৰাভাৰ পুত্ৰ ভূৱনেশ্বৰ ৰাভাই অষ্টম স্থান (শ্ৰম পৰিদৰ্শক) লাভ কৰিবলৈ সক্ষম হৈছে ।

এপিএছচিত সুখ্যাতি অৰ্জন কৰা বনদীপ, ব্ৰুহিত আৰু ভূৱনেশ্বৰ ৰাভাক সম্বৰ্ধনা

এই সুখ্যাতিৰ বাবে তিনিওকে দেওবাৰে কামৰূপ জিলাৰ বকোস্থিত ৰাভা হাছং সংগ্ৰাহালয়ৰ সভাগৃহত নিখিল ৰাভা কৰ্মচাৰী পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বকো আঞ্চলিক সমিতিৰ সহযোগত এক অনুষ্ঠানৰ আয়োজন কৰি উষ্ণ আদৰণি জনোৱা হয় । নিখিল ৰাভা কৰ্মচাৰী পৰিষদৰ সভাপতি বসন্ত কুমাৰ ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত মেঘালয়ৰ চেৰিকালছাৰ এণ্ড উইভিং বিভাগ, শ্লিলঙৰ অৱসৰপ্ৰাপ্ত সঞ্চালক সঞ্জীৱ বাৰ্চুং, এমপ্লয়মেন্ট এণ্ড ক্ৰাফটমেন বিভাগৰ অৱসৰপ্ৰাপ্ত যুটিয়া সঞ্চালক পৃথ্বিৰাজ ৰাভা, কৰ্মচাৰী পৰিষদৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি পূৰ্ণ চন্দ্ৰ ৰাভা, জিলা সভাপতি সুৰ্য্য ৰাভা আদিকে ধৰি বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থাকে।

এপিএছচিত সুখ্যাতি অৰ্জন কৰা বনদীপ, ব্ৰুহিত আৰু ভূৱনেশ্বৰ ৰাভাক সম্বৰ্ধনা

উল্লেখ যে, সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে জিলা সভাপতি ধৰণীধৰ ৰাভাই । ইয়াৰ পিছতে সম্বোধিত এ পি এছ চিৰ মেধাৱী আটাই কেইজনক এক মাংগলিক নিয়মেৰে আদৰি আনি সভাকক্ষত আসন গ্ৰহণ কৰোৱাৰ লগতে জাতীয় পাজাৰ, শৰাই, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক : 27 জানুৱাৰীত 24 ঘন্টীয়া চকা বন্ধৰ আহ্বান পৰিবহন সংস্থাৰ

ABOUT THE AUTHOR

...view details