অসম

assam

ETV Bharat / state

কলমনিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান - এজন আফিং সৰবৰাহকাৰীক আটক

ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৷ অভিযানত কলমনি বৰকুকুৰীয়া গাঁৱৰ পৰা এজন আফিং সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷

anti-drugs-mission-by-rangia-police
কলমণিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

By

Published : Jun 20, 2021, 8:03 PM IST

ৰঙিয়া, 20 জুন : ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ইয়াৰ মাজতে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ কলমনি বৰকুকুৰীয়া গাঁৱৰ পৰা আটক কৰিছে এজন আফিং সৰবৰাহকাৰীক ৷ আটকাধীন লোকজন ৱাহেদুৰ ৰহমান বুলি প্ৰকাশ কৰিছে ৰঙিয়া আৰক্ষীয়ে ৷ ধৃত ৱাহেদুৰ ৰহমানৰ পৰা 80 হাজাৰ টকা মূল্যৰ 712 গ্ৰাম আফিং জব্দ কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে জনোৱা মতে, ধৃত ৱাহেদুৰে দীৰ্ঘদিন ধৰি এই নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বেহাৰ সৈতে জড়িত হৈ আছিল ৷ সম্প্ৰতি ৰঙিয়া থানাত অধিক তথ্যৰ বাবে ৱাহেদুৰক মাৰাথান জেৰা অব্যহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰ কেইদিন মান পূৰ্বেও ৰঙিয়াৰ বিভিন্ন স্থানত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল আৰক্ষীয়ে ৷

কলমণিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

উল্লেখ্য যে, শেহতীয়াকৈ অসম আৰক্ষী ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে যুদ্ধংদেহী তৎপৰতাৰে নামি পৰাৰ পাছতে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰে ভিতৰত নগাঁও জিলাত সৰ্বাধিক হাৰত জব্দ কৰা হয় ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ সামগ্ৰী ৷ লগতে আটক কৰা হয় বহু কেইজন ড্ৰাগছ মাফিয়াক ৷ জিলাখনত নতুনকৈ নিযুক্তি লাভ কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ পাছতে জালত পৰে কেইবাজনো দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া ৷

অতি ৰহস্যজনকভাৱে গুৱাহাটী আৰক্ষীয়ে মেঘালয়ৰ দুগৰাকী মহিলাৰ পৰা জব্দ কৰিছিল প্ৰায় 2 কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ'ইন ৷ ইয়াৰ পাছতে অধিক সষ্টম হৈ অভিযান চলাই মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে মহানগৰ আৰক্ষীয়ে ৷ কেৱল ইমানেই নহয়, নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান চলোৱা আৰক্ষীৰ ওপৰত গুলীচালনাও কৰিছিল এজন ড্ৰাগছ মাফিয়াই ৷ এই ঘটনাই অধিক তৎপৰ কৰিছিল প্ৰতিখন জিলাৰে আৰক্ষী প্ৰশাসন ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা অভিযানৰ পাছতে পোহৰলৈ আহিছিল ৰাজ্যত অব্যাহত থকা ড্ৰাগছৰ কলা বজাৰৰ কলা কাহিনী ৷

লগতে চাওকঃনামৰূপৰ কেইবাটাও উদ্যোগ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details