কামৰূপ,19 মাৰ্চঃ মাৰাত্মক কৰ'ণা ভাইৰাছৰ বাবে আতংকত কম্পমান সকলো। অফিচ কছাৰী সকলোতে অৱলম্বন কৰা হৈছে সতৰ্কতা । কামৰূপ জিলা প্ৰশাসনে লৈছে বিভিন্ন ধৰণৰ পদক্ষেপ । মাইকৰ জৰিয়তে সচেতনতা মূলক ঘোষণা কৰিছে জিলা প্ৰশাসনে। বিভিন্ন স্থানৰ স্বাস্থ্য কেন্দ্ৰই কেন্দ্ৰই পাতিছে সজাগতা সভা। বৃহস্পতিবাৰে অমিনগাঁও কামৰূপ উপায়ুক্ত কাৰ্যালয়ত অৱলম্বন কৰা হৈছে সতৰ্কতা। কাৰ্যালয়ৰ বাহিৰতে হাত ধুইহে হস্তাক্ষৰ কৰি প্ৰৱেশৰ অনুমতি দিছে । ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। লগতে ৰাইজলৈ বিশেষ আহ্বান," সকলোৱে সাৱধান আৰু সজাগ হওক ,লগতে মাস্ক পৰিধান কৰক সকলোৱে ৷ "
কৰ'ণা ভাইৰাছৰ বাবে সতৰ্কতা অৱলম্বন অমিনগাঁও কামৰূপ উপায়ুক্ত কাৰ্যালয়ত - কামৰূপ জিলা প্ৰশাসন
কৰ'ণা ভাইৰাছৰ আতংকত কম্পমান সকলো ৷ অফিচ কছাৰী সকলোতে সতৰ্কতা অৱলম্বন। কামৰূপ জিলা প্ৰশাসনে লৈছে বিভিন্ন ধৰণৰ পদক্ষেপ। লগতে মাইকৰ জৰিয়তে সচেতনতা মূলক ঘোষণা কৰিছে জিলা প্ৰশাসনে ।বিভিন্ন স্থানৰ স্বাস্থ্য কেন্দ্ৰই কেন্দ্ৰই পাতিছে সজাগতা সভা ।
কৰ'ণা ভাইৰাছৰ বাবে সতৰ্কতা অৱলম্বন অমিনগাঁও কামৰূপ উপায়ুক্ত কাৰ্যালয়ত
Last Updated : Mar 19, 2020, 12:33 PM IST