অসম

assam

ETV Bharat / state

মন্দাৱস্থাৰ মাজতে দীপাৱলীক লৈ মাটিৰ চাকি প্ৰস্তুত মৃৎশিল্পীৰ - মূল্যবৃদ্ধি

সমাগত আলোকৰ উৎসৱ দীপাৱলী(Diwali) ৷ কৰ’ণাসদৃশ পৰিৱেশ আৰু মূল্যবৃদ্ধি(Price Hike)ৰ মাজতে পোহৰৰ উৎসৱটি উদযাপনৰ বাবে সাজু ৰাজ্যবাসী ৷ মন্দাৱস্থাৰ মাজেৰে কুমাৰশালীত মাটিৰ চাকি(Earthen Lamp) প্ৰস্তুত কৰাত ভীষণ ব্যস্ত মৃৎশিল্পী(Pottery Artist)সকল ৷ দীপাৱলীৰ প্ৰস্তুতি সন্দৰ্ভত অধিক জানিবলৈ সবিশেষ পঢ়ক...

preparation for diwali in assam
দীপাৱলীক লৈ মাটিৰ চাকি প্ৰস্তুত মৃৎশিল্পীৰ

By

Published : Oct 26, 2021, 5:27 PM IST

নিউজ ডেস্ক, 26 অক্টোবৰ : চাকিৰ আলোকেৰে পোহৰ হ’ব আন্ধাৰ নিশা ৷ কিয়নো পদূলি মুখত পোহৰৰ উৎসৱ দীপাৱলী(Diwali) ৷ কৰ’ণাসদৃশ পৰিৱেশৰ মাজতে ৰাজ্যবাসীয়ে উদযাপন কৰিব পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলীৰ দিনা নিজ ঘৰৰ চৌপাশ আলোকোজ্বল কৰি তুলিবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যবাসীৰ লগতে মৃৎশিল্পী(Pottery Artist)সকলে ৷

টিংখাঙৰ বামুণবাৰী নিবাসী এগৰাকী মৃৎশিল্পীৰ পৰিয়ালতো এতিয়া ভীষণ ব্যস্ততা পৰিলক্ষিত হৈছে ৷ দিনে-নিশাই কুমাৰশালীত মাটিৰ চাকি(Earthen Lamp) প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মৃৎশিল্পী ৰাজেন্দ্ৰ কুমাৰৰ পৰিয়ালটো ৷ ঘৰৰ ভিতৰে-বাহিৰে শাৰী-শাৰীকৈ সজাই থোৱা হৈছে তৈয়াৰ কৰা সৰু-বৰ আকৃতিৰ মাটিৰ চাকিসমূহ ।

মন্দাৱস্থাৰ মাজতে দীপাৱলীক লৈ মাটিৰ চাকি প্ৰস্তুত মৃৎশিল্পীৰ

ৰাজেন্দ্ৰ কুমাৰে জনোৱা মতে, দীপাৱলীৰ পূৰ্বে তেওঁ প্ৰতি হেজাৰত 1200 টকাকৈ মাটিৰ চাকি বিক্ৰী কৰিছে ৷ বিগত দুটা বছৰে ক’ভিড(Covid) পৰিস্থিতিয়ে আৰ্থিকভাৱে কোঙা কৰা মৃৎশিল্পী ৰাজেন্দ্ৰ কুমাৰৰ মুখত যেন কিছু হাঁহি বিৰিঙিছে । সকলো বাধা নেওচি আলোকৰ উৎসৱ দীপাৱলীৰ প্ৰস্তুতিত নামি পৰিছে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত মৃৎশিল্পীসকলে ৷

দীপাৱলীক লৈ গাত তত নাই বাইহাটা চাৰিআলিৰ খেহেনীপাৰা গাঁৱৰ মৃৎশিল্পীসকলৰো ৷ গাঁওখনৰ প্ৰায় 80 শতাংশ লোক জড়িত একমাত্ৰ মৃৎশিল্পত । পূৰ্ব পুৰুষে যি ধৰণে মাটিৰ বাচন নিৰ্মাণ কৰিছিল, সেই একে পদ্ধতিয়েই বৰ্তমানেও বিৰাজমান আছে গাঁওখনত ৷

বৰ্তমানৰ যান্ত্ৰিকতাৰ দিনতো পুৰণিকলীয়া পদ্ধতিৰেই মাটিৰ বাচন নিৰ্মান কৰি আহিছে খেহেনীপাৰা গাঁৱৰ গাঁওবাসীয়ে । বৰ্তমানলৈকে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰা নাই কোনো ধৰণৰ আধুনিক যন্ত্ৰ-পাতি । সেয়েহে গাঁওখনৰ মৃৎ শিল্পীসকলে মৃৎশিল্পৰ উন্নতিৰ বাবে বিচাৰিছে চৰকাৰৰ সু-দৃষ্টি ।

পূৰ্বৰ তুলনাত এইবাৰ দীপাৱলীৰ বজাৰত অনিয়ন্ত্ৰিত মূল্যৰ মন্দাৱস্থা ৷ কিয়নো এইবাৰ মূল্যবৃদ্ধি(Price Hike)ৰ প্ৰভাৱ পৰিছে দীপাৱলীৰ বজাৰত ৷ পূৰ্বৰ তুলনাত বজাৰত হ্ৰাস পাইছে গ্ৰাহকৰ সংখ্যাও ৷ সেই হেতুকে চিন্তিত হৈ পৰিছে থলুৱা ব্যৱসায়ীসকল ৷ পেট্ৰ’ল-ডিজেলৰ সমান্তৰালকৈ চাকিৰ দামো প্ৰায় 10 শতাংশলৈ বৃদ্ধি পাইছে ৷ আনহাতে, পূৰ্বৰ তুলনাত এইবাৰ প্ৰায় 3-4 লাখ চাকিহে বিক্ৰীৰ বাবে আনিছে ব্যৱসায়ীসকলে ৷

কাল কৰ’ণাৰ লগতে মূল্যবৃদ্ধিৰ বাবে দীপাৱলীৰ বজাৰত পৰিছে বৰ্ধিত মূল্যৰ প্ৰভাৱ ৷ মাটিৰ চাকি ক্ৰয় কৰিবলৈ অহা গ্ৰাহকৰ সংখ্যাও তেনেই সেৰেঙা ৷ কিয়নো কৰ’ণা কালৰ পাচত গ্ৰাহকসকলৰ মাজত দেখা দিছে আৰ্থিক সংকটে ৷ ইফালে নিজ সামৰ্থ অনুযায়ী মৃৎশিল্পীসকলে দীপাৱলীলৈ বুলি সাজু কৰিছে হাজাৰ হাজাৰ মাটিৰ চাকি ৷

লগতে পঢ়ক :দীপাৱলীৰ ফটকা : প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details