অসম

assam

ETV Bharat / state

অন্ত পৰিল মহা অম্বুবাচী মেলা - বৰঝাৰ বিমান বন্দৰ

বুধবাৰে নিবৃত্তিৰ পাচতে মুকলি হ'ল কামাখ্যা ধামৰ মূল দুৱাৰ ৷ লগে লগে মন্দিৰ দৰ্শন কৰিবলৈ আগমন ঘটিল বিভিন্ন VIP-VVIP ব্যক্তিৰ । লগতে বুধবাৰে পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পিছত ঠায়ে ঠায়ে আয়োজন কৰা হয় কুমাৰী পূজা ।

অন্ত পৰিল মহা অম্বুবাচী মেলা

By

Published : Jun 26, 2019, 9:33 PM IST

গুৱাহাটী,26জুনঃ সামৰণি পৰিল মহা অম্বুবাচী মেলাৰ । বুধবাৰে পুৱা ৫.১৫ বজাত ভক্তৰ বাবে খুলি দিয়া হয় মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ । মন্দিৰ দৰ্শন কৰিবলৈ আগমন ঘটে বিভিন্ন VIP-VVIP সকলৰ । পুৱাই মাৰ আশীষ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল জগদীশ মুখী, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ অসম প্ৰভাৰী মহেন্দ্ৰ সিং, অগপৰ সভাপতি অতুল বৰাকে প্ৰমুখ্য কৰি ভালেমান নেতা-মন্ত্ৰীয়ে । ইফালে অম্বুবাচী মেলাৰ সফলতাৰে সমাপ্ত হোৱা বাবে সকলোকে ধন্যবাদ জনাই পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু জিলা উপাযুক্ত বিশ্বজিৎ পেগুয়ে । উল্লেখ্য যে এইবাৰ প্ৰায় ১৫-২০ লাখ ভক্তৰ আগমন ঘটিছিল কামাখ্যা ধামলৈ । প্ৰশাসনে চিচি কেমেৰাযোগে উলিওৱা এক সমীক্ষা মতে বুধবাৰে দুপৰীয়া ভাগলৈ ১২,৯৩,৮৩৪ ভক্তৰ আগমন ঘটিছিল কামাখ্যা ধামলৈ । আনহাতে প্ৰশাসনে স্থাপন কৰা শিবিৰসমূহত ভক্তৰ সংখ্যা আছিল এনেধৰণৰ এনেধৰণৰঃ- পাণ্ডুত ৮১৫৪, বৰিপাৰা ৩৪৫৩, ফাঁচীবজাৰত ৬৪০৫, নাহৰবাৰী ৪০১৭, পল্টনবজাৰত ২৮৭৮ আৰু বৰঝাৰ বিমান বন্দৰত আছিল মুঠ ৯১গৰাকী ভক্ত । ইপিনে বুধবাৰে পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পিছত ঠায়ে ঠায়ে আয়োজন কৰা হয় কুমাৰী পূজা । কামাখ্যা গেটত সাহানী কাৱাৰীয়া এন জি অ'ই আয়োজন কৰে বৃহৎ কুমাৰী পূজাৰ । মুঠৰ ওপৰত শান্তিপূৰ্ণ ভাৱে সামৰণি পৰিল মহা অম্বুবাচী মেলা ।

অন্ত পৰিল মহা অম্বুবাচী মেলা

ABOUT THE AUTHOR

...view details