অসম

assam

By

Published : Mar 2, 2021, 8:43 PM IST

ETV Bharat / state

বকোত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

নলবাৰীৰ বাঁহজনী কালাগত বিজেপিৰ সমৰ্থকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ সহিতে পৰিষদৰ নেতৃত্বক কৰা আক্ৰমণৰ ঘটনাক গৰিহণা জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদৰ সমৰ্থকে ৷

AJP PROTEST AT BOKO
বকোত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

বকো,২ মাৰ্চ : বকো ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদৰ সমৰ্থকে ৷ নলবাৰীৰ বাঁহজনী কালাগত বিজেপিৰ সমৰ্থকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ সহিতে পৰিষদৰ নেতৃত্বক কৰা আক্ৰমণৰ ঘটনাক গৰিহণা জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদৰ সমৰ্থকে ৷

বকোত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

পৰিষদৰ কৰ্মীসকলে এই ঘটনাৰ লগত জড়িত লোকক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় । লগতে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ ভেৰোণীয়া গুণ্ডাই এই আক্ৰমণ কৰাৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী তোলে বকোৰ অসম জাতীয় পৰিষদৰ সমৰ্থকে । পৰিষদে এই সন্দৰ্ভত বকো ৰাজহ চক্ৰৰ বিষয়া জৰিয়তে মুখ্য নিৰ্বাচনী বিষয়ালৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক :আসন বুজাবুজিক লৈ মহাজোঁটত ‘মহাজঁট’

ABOUT THE AUTHOR

...view details