ৰঙিয়া, 9 জানুৱাৰী:দিছপুৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে অপশাসন আৰু ন্যায়পালিকাক নিজৰ স্বাৰ্থ অনুযায়ী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে অসম জাতীয় পৰিষদ (এজেপি) ৰ সভাপতি তথা আছু (সদৌ অসম ছাত্ৰ সন্থা) ৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰে যে2021 ৰ অসম বিধানসভা নিৰ্বাচনত অসমত জাতীয়তাবাদৰ চৰকাৰ হোৱাটো একপ্ৰকাৰ নিশ্চিত ৷
ৰঙিয়াত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ বিশাল সমাৰোহত উপস্থিত হৈ সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে এই মন্তব্য কৰে ৷ শাসনাধিষ্ঠ চৰকাৰে অংক বুজি নাপায় আৰু সেয়েহে শাসনত অধিষ্ঠিত হোৱাৰ কথা ভাৱিছে বুলি তাচ্ছিল্যসূচক মন্তব্য কৰি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে বিগত সময়ছোৱাত অসমক কিছুমান ভয়ংকৰ পৰিস্থিতিৰ মাজলৈ ঠেলি দি বিজেপিয়ে ইতিমধ্যে 40 শতাংশ ভোট হেৰুৱাইছে আৰু কংগ্ৰেছৰো ভেটি প্ৰায় থৰক বৰক হৈছে গতিকে এইবাৰৰ নিৰ্বাচনত জাতীয়তাবাদৰেই জয় হ'ব ৷
শনিবাৰে ৰঙিয়াৰ ঈদগাহ ময়দানত আয়োজন হোৱা বিশাল সভাখনত প্ৰায় ডেৰ শতাধিক লোকে এজেপিত যোগদান কৰে ৷ লক্ষণীয় কথাটো হ'ল এইয়ে যে অগপৰ 22 টা আঞ্চলিকৰ কৰ্মকৰ্তাই দলটোৰ কাম-কাজত অসন্তুষ্ট হৈ এই সভাতেই এজেপিত যোগদান কৰে ৷