বাইহাটা, 8 ডিচেম্বৰ:2021 ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ সমষ্টিয়ে সমষ্টিয়ে বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ তৎপৰতা । ৰাজ্যৰ ৰাজনীতিত পূৰ্বৰে পৰা থকা ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৃষ্ঠপোষকতাত শেহতীয়াকৈ গঠিত ৰাইজৰ দলৰ কৰ্মকৰ্তাৰ মাজতো পৰিলক্ষিত হৈছে নিৰ্বাচনী তৎপৰতা ৷
কমলপুৰ সমষ্টিত ৰাইজৰ দলৰ 35 জনীয়া আহ্বায়ক সমিতি গঠন ২০২১ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভুমুকি মাৰিব লগা ৰাইজৰ দলে সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে । কামৰূপ জিলাৰ কমলপুৰটো ৰাইজৰ দলে কমলপুৰ সমষ্টি আহ্বায়ক সমিতি গঠন কৰাৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে । সেই অনুসৰি কমলপুৰ জনপ্ৰিয় ক্লাৱৰ প্ৰেক্ষাগৃহত লোকমান বৰাৰ সভাপতিত্বত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এখন 35 জনীয়া আহ্বায়ক সমিতি গঠন কৰা হয় ।
ৰাজহুৱা সভাখনত উপস্থিত থাকি ৰাইজৰ দলৰ মুখ্য ৰাজ্যিক আহ্বায়ক তথা দলটোৰ কমলপুৰ সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী জিতুল ডেকাই ৰাজ্যৰ প্ৰতিটো সমষ্টিতে ৰাইজৰ দলে জনতাৰ বিপুল সঁহাৰি লাভ কৰিছে বুলি মত পোষণ কৰে ।
মুখ্য ৰাজ্যিক আহ্বায়কগৰাকীয়ে বিজেপি আৰু অগপৰ একাংশ নেতা পালিনেতাৰ দালাল ৰাজৰ বাবে কমলপুৰ সমষ্টিকে ধৰি বিভিন্ন সমষ্টিত শেহতীয়াভাবে বিভিন্ন চৰকাৰী আঁচনিত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰে । ডেকাই অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো কমলপুৰ সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে শ শ প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ বিপৰীতে গাড়ী, অট্টালিকা আদি থকা লোকে অগপ বিজেপিৰ কৃপাত এই আঁচনিৰ সুবিধা লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
লগতে পঢ়ক:ডুমডুমাত মহিলা কংগ্ৰেছৰ সাধাৰণ সভা