পাঠশালা,24 মাৰ্চঃ পাঠশালাত ভয়াৱহ বাছ দুৰ্ঘটনা ৷ তেজপুৰৰ পৰা কলগাছিয়ালৈ গৃহ প্ৰত্যাৱৰ্তন কৰিছিল বহু ইটা ভাটাৰ শ্ৰমিকে ৷ প্ৰায় 60 গৰাকী শ্ৰমিক আছিল উক্ত বাছখনত ৷ নিয়ন্ত্ৰণ হেৰুৱাই 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰকা চকত বাগৰি পৰে বাছখন ৷ ফলত গুৰুতৰ ভাৱে আহত হয় প্ৰায় 10 জন যাত্ৰী ৷ আহত সকলক ইতিমধ্যে ভৰ্তি কৰা হৈছে পাঠশালা চৰকাৰী স্বাস্থ্য কেন্দ্ৰত ৷ দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নং AS 01 KC 6195 ৷
পাঠশালা আৰু বকোত ভয়াৱহ পথ দুৰ্ঘটনা - বাছ দুৰ্ঘটনাগ্ৰস্ত
পাঠশালাত 60 গৰাকীকৈ যাত্ৰী কঢ়িয়াই অহা বাছ দুৰ্ঘটনাগ্ৰস্ত ৷ ইফালে বকোত এখন যাত্ৰীবাহী আলট্ৰা বাছে খুন্দা মাৰে বাইক আৰোহীক ।
বকো,24 মাৰ্চঃ বকোৰ কেন্দুগুৰীত ভয়াৱহ পথ দুৰ্ঘটনা । ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী আলট্ৰা বাছে খুন্দা মাৰে বাইক আৰোহীক । দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS01 BG 6094 ৷ দুৰ্ঘটনাৰ ফলত থিতাতে এজন যুৱক নিহত হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় আন এজন লোক ৷ নিহত যুৱকজনৰ নাম দিপাংকৰ মালো । জানিব পৰা মতে, নিহত যুৱকজনৰ ঘৰ বনগাঁও চৌধুৰীপাৰাত । অন্যহাতে আঘাতপ্ৰাপ্ত যুৱক জনৰ নাম তুফান বড়ো বুলি জানিব পৰা গৈছে ৷ ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে আলট্ৰা বাছখন ৷
লগতে পঢ়কঃকৰ'ণাঃ হায়দৰাবাদত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু