ৰঙিয়া, 23 জুলাই : বৃহস্পতিবাৰে ৰঙিয়াত মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে আছুৰ উত্তাল প্ৰতিবাদ। ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কেইবা শতাধিক আছু কৰ্মীয়ে বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য দিয়াৰ লগতে উপযুক্ত ক্ষতিপূৰণ দিয়া,ভগ্ন মথাউৰি সমূহ অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।
ৰঙিয়াত মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে আছুৰ উত্তাল প্ৰতিবাদ প্ৰতিবাদীসকলে বিজেপি চৰকাৰ হায় হায়,সৰ্বানন্দ সোণোৱাল হায় হায়,জলসম্পদ বিভাগ হায় হায় আদি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ । প্ৰতিবাদৰ সময়চোৱাত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত শতাধিক যান বাহন আবদ্ধ হৈ পৰে ।
ৰঙিয়াত মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সন্দৰ্ভত আছুৰ অভিযোগ,ঘৰিয়ালৰ চকুপানী টুকিবলৈ আহিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে চৰকাৰ ।
ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত গলত গামোচালৈ ‘এ ফৰ আছাম’ বুলি কোৱা প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈ বানত ককবকাই থকা অসমৰ ফালে চাবলৈ আহৰি পোৱা নাই বুলি অভিযোগ উত্থাপিত কৰে ছাত্ৰ সংগঠনটোৱে । লগতে জলসম্পদ বিভাগে বছৰে বছৰে মথাউৰি মেৰামতি কৰাৰ পিছতো বাৰিষাৰ সময়চোৱাত মথাউৰি সমূহ কিয় চিঙি যায় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। নিম্নমানৰ মথাউৰিৰ মেৰামতিৰ কাম কৰাৰ বাবেই এনেদৰে মথাউৰি চিঙি যায় বুলি অভিযোগ তোলে আছুৱে ৷
লগতে চাওক- ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া তথ্য