বাইহাটা, 3 ছেপ্টেম্বৰ :কামৰূপ জিলাৰ বিভিন্ন উদ্যোগ, বৃহৎ গুদাম আৰু ব্যাক্তিগত পৰিবহণৰ প্ৰতিষ্ঠান সমূহত ৯০ শতাংশ থলুৱা নিবনুৱা যুৱক-যুৱতী আৰু শ্ৰমিকক নিযুক্তি দিয়াৰ দাবী জনাইছে ছাত্ৰ সন্থাই ৷ এই দাবীত শুকুৰবাৰে কামৰূপ জিলা ছাত্ৰ সন্থা(Kamrup district students' union)ই জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনক প্ৰদান কৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
একাংশ পুজিপতিয়ে থলুৱা নিবনুৱা যুৱক-যুৱতী আৰু শ্ৰমিকক বঞ্চনাৰ অভিযোগ তুলি এইক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰে ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে । স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসে এচাম উদ্যোগপতি তথা গুডামৰ স্বত্বাধিকাৰীয়ে নিবনুৱাক সংস্থাপন দিয়াৰ পৰিৱৰ্তে বহিৰাজ্যৰ লোকক সংস্থাপন দি খিলঞ্জীয়াৰ স্বাৰ্থ বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ তোলে ।