ৰঙিয়া,12 জুন :ৰঙিয়াৰ পূৰ্ণ খুমদুম গাঁৱৰ এগৰাকী অসহায় বৃদ্ধা । বৃদ্ধাগৰাকীৰ আপোন বুলিবলৈ এই পৃথিৱীত কোনো নাই। জৰাজীৰ্ণ পঁজা সদৃশ এটা ঘৰত কোনোমতে বাস কৰে ৮০ উৰ্ধৰ যামিনী ভূঞাই । বৰষুণ দিলে ঘৰটোৰ ভিতৰত পানীৰে ভৰি পৰে। চৰকাৰী আঁচনিয়ে ঢ়ুকি নোপোৱা বৃদ্ধাগৰাকীৰ এই পঁজাটো ধুমুহাত ভাঙি পৰাত গছৰ তলত আশ্ৰয় ল'বলগীয়া হয় বৃদ্ধাগৰাকী ৷ অৱশেষত যামিনী ভূঞাক এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিল পশ্চিম বড়িগোগ আঞ্চলিক ছাত্র সন্থা । বজাৰৰ পৰা টিনপাট ক্ৰয় কৰি আছু কৰ্মীসকলে সাজি দিয়ে বৃদ্ধাগৰাকীৰ ঘৰটো ৷ আছুৰ এই মহানুভৱতাক শলাগ লৈছে সকলোৱে ।
ৰঙিয়াত ছাত্ৰনেতাই সাজি দিলে অসহায় বৃদ্ধাৰ গৃহ - ৰঙিয়াত ছাত্ৰনেতাই সাজি দিলে অসহায় বৃদ্ধাৰ গৃহ
বৰষুণ দিলে ঘৰটোৰ ভিতৰত পানীৰে ভৰি পৰে। চৰকাৰী আঁচনিয়ে ঢ়ুকি নোপোৱা বৃদ্ধাগৰাকীৰ এই পঁজাটো ধুমুহাত ভাঙি পৰাত গছৰ তলত আশ্ৰয় ল'বলগীয়া হয় বৃদ্ধাগৰাকী ৷
আছুৱে সাজি দিলে অসহায় বৃদ্ধাৰ গৃহ
লগতে পঢ়কঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান একাংশ অস্থায়ী স্বাস্থ্যকৰ্মীৰ