অসম

assam

ETV Bharat / state

আজি ৰূপকোঁৱৰৰ 118 সংখ্যক ওপজাদিন - স্বাধীনতা আন্দোলন

আজি 17 জুন ৷ অৰ্থাৎ অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 118 তম জন্মবাৰ্ষিকী ৷ 1903 চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ তামুলবাৰী চাহ বাগিচাত কিৰণময়ী আগৰৱালা আৰু পৰমানন্দ আগৰৱালাৰ ঘৰত জন্মলাভ কৰিছিল ৰূপকোঁৱৰে ৷

a-short-note-on-the-life-of-jyotiprashad-agarwala
ৰূপকোঁৱৰৰ জীৱনৰ এটি চমু আলোকপাত

By

Published : Jun 17, 2021, 10:30 AM IST

নিউজ ডেস্ক, 17 জুন : আজি 17 জুন ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা(Jyoti Prashad Agarwal)ৰ 118 তম জন্মবাৰ্ষিকী ৷ 1903 চনৰ আজিৰ দিনটোতে ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৷ আগৰৱালাৰ মাতৃ আছিল কিৰণময়ী আগৰৱালা আৰু পিতৃ পৰমানন্দ আগৰৱালা ৷ এক কথাত এখন অভিজাত ঘৰৰ সন্তান হিচাপে সোণৰ চামুচ মুখত লৈ জন্ম লাভ কৰে জ্যোতিপ্ৰসাদে ৷

গছৰ পাতত অংকিত জ্যোতিপ্ৰসাদৰ ছবি

ৰাজস্থানৰ মাৰৱাৰ প্ৰদেশৰ পৰা অসমলৈ 1811 চনত অহা এটা পৰিয়ালত জন্মলাভ কৰা জ্যোতিপ্ৰসাদে জাতীয় বিদ্যালয়ৰ শিক্ষাৰে 1821 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৷ ইয়াৰ পিছতে দুবছৰীয়া আই এ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ ছাত্ৰ জ্যোতিপ্ৰসাদে কলিকতাৰ নেচনেল কলেজলৈ ঢাপলি মেলে ৷ পৰৱৰ্তী সময়ত এই পাঠ্যক্ৰম সমাপ্ত কৰি তেওঁ সুদুৰ এডিনবাৰ্গলৈ(Edinburg) অৰ্থনীতি বিভাগত উচ্চ শিক্ষা লাভ কৰাৰ যাত্ৰা কৰে ৷ অৱশ্যে, 1930 চনত এই শিক্ষা আধাতে এৰি জাৰ্মানী(Germany)ৰ বাৰ্লিন(Berlin)ত চলচিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি স্বদেশলৈ ঘূৰি আহে ৷

দেশ-বিদেশত শিক্ষাগ্ৰহণ কৰাৰ অন্তত নিজ ঘৰলৈ ঘূৰি আহি স্বাধীনতাৰ সপোন বুকুত লৈ স্বাধীনতা আন্দোলনত জপিয়াই পৰা জ্যোতিপ্ৰসাদ 1932 চনত 15 মাহৰ বাবে কাৰাবন্দী হৈ পৰে ৷ কাৰাবন্দী হৈ থকাৰ কালচোৱাত তেখেতৰ স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটে যদিও তেখেতে সম্পূৰ্ণ কাৰাবাস খাটে ৷

ৰূপকোঁৱৰৰ তেজপুৰস্থিত বাসগৃহ পকী

পৰৱৰ্তী সময়ত 1933 চনত তেখেতে চিত্ৰবন ষ্টুডিঅ’ আৰম্ভ কৰি 'জয়মতী(Joymoti)' বোলছবিৰ নিৰ্মাণ(film making)ৰ জৰিয়তে চলচিত্ৰ জগতখনৰ সৈতে জড়িত হৈ পৰে ৷ 1935 চনত মুক্তি পোৱা জয়মতী অসমৰ প্ৰথমখন কথাছবি ৷ ছবিখনে যদিও ৰূপকোঁৱৰক ব্যৱসায়িক সফলতা দিয়াত ব্যৰ্থ হয়, এই ছবিখনে এক নতুন যুগৰ সৃষ্টি কৰি অসম তথা সমগ্ৰ দেশতে চৰ্চা লাভ কৰে ৷

1936 চনত দেৱযানী ভূঞাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় জ্যোতিপ্ৰসাদ আগৰৱালা ৷ পৰৱৰ্তী সময়ত তেওঁ 1941 চনৰ পৰা দেশৰ স্বাধীনতা সংগ্ৰামত পুনৰ সক্ৰিয়ভাৱে জড়িত হৈ পৰে ৷

ৰূপকোঁৱৰে স্থাপন কৰা চিত্ৰবন ষ্টুডিঅ’ৰ মুখ্য প্ৰৱেশদ্বাৰ

জ্যোতিপ্ৰসাদ আগৰৱালা যে কেৱল মাত্ৰ ছবি নিৰ্মাণ আৰু স্বাধীনতা সংগ্ৰামতে ব্যস্ত আছিল তেনে নহয় , অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি তেখেতে শোণিত কুঁৱৰী, ৰূপালীম, লভিতা, কাৰেঙৰ লিগিৰী, নিমাতী কইনা আদি নাটক ৰচনা কৰে ৷ ইয়াৰ লগতে তেওঁ বহুকেইটা কালজয়ী গীতৰো ৰচনা কৰে ৷ পৰৱৰ্তী সময়ত এই গীতসমূহ জ্যোতি সংগীত ৰূপে সমাদৃত হয় ৷ জ্যোতিপ্ৰসাদৰ কলমৰ পৰা নিগৰিত ৰূপহী, বগীতৰা, সোণতৰা আদি বহুকেইটা গল্পয়েও অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰে ৷

ভোলাগুৰি চাহ বাগিচাস্থিত ষ্টুডিঅ’ চিত্ৰবন

এটা বৰ্ণাঢ্য অথচ চুটি জীৱন যাত্ৰাৰে অসমীয়া সমাজ জীৱনত এক নতুন যুগৰ সূচনা কৰি মাত্ৰ 48 বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ইহলীলা সম্বৰণ কৰে ৷ 17 জানুৱাৰীৰ তেখেতৰ মৃত্যু তিথিটোক সমগ্ৰ ৰাজ্যত শিল্পী দিৱসৰূপে পালন কৰা হয় ৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰা সুুন্দৰৰ সাধক ৰূপকোঁৱৰৰ ওপজা দিনটোত ইটিভি ভাৰতৰ তৰফৰ পৰা যাঁচিলো সশ্ৰদ্ধ প্ৰণিপাত ৷

লগতে পঢ়ক :পতঞ্জলি উদ্যোগত হাতীৰ মৃত্যু : আজিও নহ’ল উচিত তদন্ত !

ABOUT THE AUTHOR

...view details