ৰঙিয়া,25জুলাইঃ ৰঙিয়াৰ গৰু বজাৰৰ সমীপৰ ৰঙালী শিশু উদ্যান পাৰ্কৰ পুখুৰীত উদ্ধাৰ এজন শিক্ষকৰ মৃতদেহ । হিমাংশু কলিতা নামৰ শিক্ষক জনৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে SDRF বাহিনীয়ে । ইপিনে পাৰ্ক খনৰ পুখুৰীৰ পাৰত উদ্ধাৰ হৈছে হিমাংশু কলিতাৰ ম'বাইল ফোন, মানিবেগ আৰু চেণ্ডেল।
পাৰ্কৰ পুখুৰীত উদ্ধাৰ শিক্ষকৰ মৃতদেহ - উদ্ধাৰ কৰে SDRF বাহিনীয়ে
ৰঙিয়াৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকৰ মৃতদেহ উদ্ধাৰ ৷ পাৰ্কৰ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো ৷
জানিবপৰা মতে ৰঙিয়াৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক আছিল হিমাংশু কলিতা। শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰঙিয়াৰ গৰু বজাৰৰ সমীপৰ যুৱকজন । শনিবাৰে পুৱতি নিশা হিমাংশু কলিতাৰ ঘৰৰ সমীপৰে পাৰ্কৰ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । মানসিক অশান্তিত ভুগি শিক্ষকগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছে বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ জনীয়া সমষ্টিৰ শতাধিক গাঁও এতিয়াও জলমগ্ন