ৰঙিয়া, 14 জুনঃবিশ্বৰ বহুকেইখন আগশাৰীৰ দেশৰ কৃষকে আধুনিক হাইড্ৰ'পনিক্স কৃষি পদ্ধতিৰে খেতি কৰি যথেষ্ট লাভান্বিত হৈছে ৷ এই আধুনিক কৃষি পদ্ধতিৰ জৰিয়তে মাটি অবিহনেই পানীত বীজ সিচি শস্য উৎপাদন কৰিব পাৰি ৷ সম্প্ৰতি এই পদ্ধতিক অৱলম্বন আগবাঢ়িছে ৰঙিয়াৰ এগৰাকী উচ্চ শিক্ষিত কৃষক অৰূপ দাসে ৷ অৰূপ দাসে ঘৰতেই এই পদ্ধতি অৱলম্বন কৰি শালি ধানৰ খেতিৰ বাবে কঠিয়া উৎপাদন কৰিছে ৷
হাইড্ৰ'পনিক্স পদ্ধতিৰে কঠিয়া উৎপাদন কৰা ৰঙিয়াৰ এগৰাকী লোক - হাইড্ৰ'পনিক্স কৃষি পদ্ধতি
কম পৰিসৰত কম খৰচেৰে কৃষিক্ষেত্ৰত আধুনিক হাইড্ৰ'পনিক্স কৃষি পদ্ধতি অৱলম্বন কৰি আগবাঢ়ি আহিছে ৰঙিয়াৰ এগৰাকী উচ্চ শিক্ষিত কৃষক ৷
কৃষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, পথাৰত কঠিয়া উৎপাদন কৰাৰ তুলনাত হাইড্ৰ'পনিক্স পদ্ধতিৰে কঠিয়া উৎপাদন কৰাটো যথেষ্ট লাভজনক ৷ তেওঁ উল্লেখ কৰা অনুসৰি, পথাৰত কঠিয়া উৎপাদন কৰিলে বানপানীৰ সমস্যাৰ লগতে খৰচৰ মাত্ৰাও অধিক হয় ৷ ইয়াৰ বিপৰীতে হাইড্ৰ'পনিক্স পদ্ধতিৰে কম ঠাইৰ লগতে কম খৰচতে কঠিয়া উৎপাদন কৰিব পাৰি ৷ কম ঠাইতে কম সময়ত বেছি উৎপাদন কৰিব পৰা এই আধুনিক পদ্ধতিৰে যদি কৃষকে কৃষিকৰ্ম অৱলম্বন কৰে তেন্তে অসমৰ কৃষিক্ষেত্ৰখন অনতিপলমে অধিক লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰিছে কৃষকগৰাকীয়ে ৷
লগতে পঢ়কঃজলসম্পদ মন্ত্ৰীৰ গৃহ জিলাত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি